তেজপুৰ, 17 জুন : অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam 2022) ৷ সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ অসমৰ কেইবাখনো জিলা এতিয়া পানীৰ তলত ৷ বিপদসীমাৰ উপৰেৰে বৈছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ বক্ষ ৷ বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথসমূহো ।
![Flood in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-04-17june-flood-pranabkumardas-7203907_17062022183203_1706f_1655470923_33.jpg)
আনকি প্লাবিত হৈছে ইখনৰ পাচত সিখনকৈ গাঁও (Many districts of Assam affected in flood) ৷ বুৰিছে বিদ্যালয় তথা চিকিৎসা কেন্দ্ৰসমূহ (Districts of Assam under water)। আনকি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ আৰু তেজপুৰ ৰাজহ চক্ৰৰ কেইবাখনো গাঁও বৰ্তমান পানীৰ তলত ডুব গৈছে (Many places in Sonitpur have been submerged in flood) ৷ এনে পৰিপেক্ষিতত উদ্ধাৰ অভিযানত নামি পৰিছে NDRF আৰু SDRF বাহিনীও ।
এক প্ৰকাৰে সস্তম হৈ পৰিছে আৰক্ষী তথা প্ৰশাসনো ৷
![Flood in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-04-17june-flood-pranabkumardas-7203907_17062022183203_1706f_1655470923_458.jpg)
তথ্য অনুসৰি, NDRFৰ 12 নং বাহিনীয়ে বৃস্পতিবাৰে 219 গৰাকী লোকক বালিপৰাৰ পৰা উদ্ধাৰ কৰি নিৰাপত্তা ঠাইলৈ স্থানান্তৰ কৰে । আনকি শুকুৰবাৰে বালিপৰা অঞ্চলত NDRF বাহিনীয়ে 222 গৰাকী লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : ২৫ খন জিলাৰ ১৭০২ খন গাঁও বিধ্বস্ত
জানিব পৰা মতে, বালিপৰাত চাৰিদুৱাৰ ৰাজহ চক্ৰৰ মুঠ 25 খন গাঁৱৰ 1300 হাজাৰ লোক এই বানৰ কৱলত পৰিছে । আনকি শোণিতপুৰৰ মুঠ 92 খন গাঁও বৰ্তমান জলমগ্ন হৈ পৰিছে ৷ যাৰ বাবে বৰ্তমান শোনিতপুৰত এটা আশ্ৰয় শিবিৰ আৰু 8 টা সাহায্য শিবিৰ মুকলি কৰা হৈছে ।
![Flood in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-04-17june-flood-pranabkumardas-7203907_17062022183203_1706f_1655470923_464.jpg)
ইফালে লখিমপুৰ জিলাৰ ৰঙানদীৰ বানত 15 খন গাঁও জলমগ্ন হৈছে বুলি জানিব পৰা গৈছে । তেজপুৰস্থিত ভাৰতীয় সেনা বাহিনীৰ গজৰাজ কৰ'ৰ অধীনত বানৰ কৱলৰ পৰা উদ্ধাৰ কাৰ্যৰ বাবে সেনাৰ 3 টা বিশেষ উদ্ধাৰকাৰী দল (Composit columns) প্ৰেৰণ কৰা হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰিছে তেজপুৰস্থিত সেনাৰ প্ৰতিৰক্ষা মুখপাত্ৰগৰাকীয়ে ।
ইফালে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পানী প্ৰকল্পৰ ওপৰেদি পাৰ হোৱা নাই বুলি জানিব দিয়ে প্ৰকল্পৰ এক বিশেষ সূত্ৰই । লগতে প্ৰকল্পৰ 7000 কিউমিক পানীৰ বাহন ক্ষমতা আছে আৰু বৰ্তমান 5600 কিউমিক পানী প্ৰবাহিত হৈ আছে ৷ আনহাতে বৰষুণৰ পৰিমাণ 1340 মিলি মিটাৰ যোৱা 16 জুনলৈ হৈছে বুলি জানিব দিয়ে ।
![Flood in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-04-17june-flood-pranabkumardas-7203907_17062022183203_1706f_1655470923_174.jpg)
লগতে পঢ়ক : Flood in Biswanath : জৰাসৰ নৈ বাঢ়নি পানীৰ তলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ
আনহাতে, কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ পৰা পোৱা তথ্যত বিগত 1995 চনত আটাইতকৈ বেছি বৰষুণ হৈছিল জুন মাহৰ 16 তাৰিখত আৰু সেয়া আছিল 1563.3 মিলি মিটাৰ ৷ তাৰ পাছত এইবাৰ 16 জুন আৰু 17 জুনৰ তথ্য অনুসৰি তৃতীয় বৃহৎ বৰষুণৰ পৰিমাণ হ’ল 972 মিলি মিটাৰ ।
ইফালে দিনক দিনে বানৰ প্ৰকোপ বৃদ্ধি হৈ অহাৰ ফলত শুকুৰবাৰে তেজপুৰ-বালিপৰাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা প্ৰশাসনে যান-বাহন চলাচলৰ বাবে বন্ধ কৰি দিয়ে ৷ ফলত উক্ত পথটোৰ পৰিৱৰ্তে বিয়লিৰ ভাগত বালিপৰা চাৰিদুৱাৰ সংযোগী পথৰে লোক্ৰা হৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ কৰি যান-বাহনৰ চলাচল কৰিবলৈ দিয়া হৈছে বুলি জানিব পৰা গৈছে ।
আনহাতে, তেজপুৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ গণেশঘাটত বিপদ সীমাৰ ওপৰেৰে বৈছে ৷ অৰ্থাৎ গণেশঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ 65.01 চেণ্টিমিটাৰেৰে বৈ আছে ৷ জীয়া ভৰলী নদীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগত 78.00 চেণ্টিমিটাৰৰ বিপৰীতে 78.14 চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে গাভৰু নদীৰ জলস্তৰ 69.53 চেণ্টিমিটাৰৰ বিপৰীতে 69.53 ৰ হিচাপত আৰু ডিপোতা নদী বিপদ সীমাৰ 65.41 চেণ্টিমিটাৰ পৰিৱৰ্তে সামান্য তলেৰে 64.56 চেণ্টিমিটাৰেৰে বৈ আছে ৷
লগতে পঢ়ক : পুনৰ খুলি দিয়া হ’ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখন শ্লু’ইজ গেট