তেজপুৰ,26 জুলাই: আজি বিজয় দিৱস ৷ 1999 চনৰ 26 জুলাইত ভাৰতে পাকিস্তানক যুদ্ধত পৰাস্ত কৰি জন্মু-কাশ্মীৰৰ কাৰ্গিলত ভাৰতীয় সেনাই বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল ৷ ভাৰতীয় সেনাৰ আত্মবলিদান আৰু ত্যাগৰ বিনিময়ত সেই বিজয় দিনটোক প্ৰতিবছৰে সমগ্ৰ ভাৰততে কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি আহিছে ৷ প্ৰতিবছৰৰ দৰে আজিৰ দিনটো সমগ্ৰ ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে অপাৰেচন বিজয় দিৱস ৷ এইবাৰ তেজপুৰত ব্যতিক্ৰমী ৰূপত পালন কৰা হৈছে ২৪ সংখ্যক কাৰ্গিল বিজয় দিৱস।
তেজপুৰ বৰপুখুৰীৰ পাৰত 527 গছ চাকিৰে ৰাজপথত কাৰ্গিল শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে একাংশ যুৱক-যুৱতীয়ে । ৰটাৰী অগ্নিগড় ইন্টাৰেক্ট ক্লাৱৰ উদ্যোগত পালন কৰা হয় বিজয় দিৱস ৷ বিজয় দিৱসৰ লগত সংগতি ৰাখি নতুন প্ৰজন্মই দেৱাল অংকনেৰে স্মৰণ কৰে কাৰ্গিল যুদ্ধৰ ঐতিহাসিক ক্ষণ আৰু বীৰ যোদ্ধাসকলক । ৰটাৰী অগ্নিগড় ইন্টাৰেক্ট ক্লাৱৰ সদস্যসকলে আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস আৰু তাহিৰ আলমে ।
অনুষ্ঠানত সেনাৰ জোৱান আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচৰ নেতৃত্বই অংশগ্ৰহণ কৰে । কাৰ্গিলৰ যুদ্ধত শ্বহীদ হোৱা মেজৰ বিক্ৰম বাত্ৰাৰ ফটো দেৱালত অংকন কৰি বীৰ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ছাত্ৰ-ছাত্ৰীসকলে লোৱা এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে শলাগ লয় অতিৰিক্ত উপায়ুক্ত দাসে ৷ 1999চনৰ 3 মে’-26 জুলাইলৈ প্ৰায় দুমাহ ধৰি চলা এই যুদ্ধ তথা ভাৰতীয় সেনাৰ অভিযানক নাম দিয়া হৈছিল অপাৰেচন বিজয় ।
লগতে পঢ়ক:Sonitpur district day 2023: ৩ আগষ্টত শোণিতপুৰ জিলা দিৱসৰ আয়োজন