তেজপুৰ, ২০ অক্টোবৰ : কামাখ্যা মন্দিৰে (Kamakhya Temple) বিভিন্ন সময়ত স্বচ্ছতাৰ ক্ষেত্ৰত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু কেতিয়াবা কোনোবা সময়ত হয়তো কোনোবা পৰ্যটকৰ ভ্ৰমণৰ সময়ত কিবা খেলিমেলি থাকিব পাৰে । সেইটো নুই কৰিব বিচৰা নাই । আজি তেজপুৰত এই মন্তব্য কৰে অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Tourism Minister Jayanta Malla Baruah) ।
দেশৰ ভিতৰত অন্যতম শক্তিপীঠ কামাখ্যা হৈছে ৰাজ্যখনৰ এক অন্যতম তীৰ্থস্থান তথা পৰ্যটনস্থলী (Assam Tourism) । কিন্তু ভাৰতৰ বিভিন্ন ঠাইৰ মন্দিৰৰ তুলনাত কামাখ্যা মন্দিৰৰ স্বচ্ছতা কোনো ধৰণৰ কম নহয় বুলি উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্লই কয় যে আমি ইয়াক আৰু অধিক উন্নত কৰিব লাগে ।
লগতে তেওঁ এই কাম হৈ উঠা নাই বুলি কৈ তাৰ কিছু অসুবিধাৰ কথা উল্লেখ কৰে । বৰ্তমান দলৈ সমাজৰ লগত আলোচনা কৰি উক্ত সমস্যাৰ সমাধান কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে, আগন্তুক দিনত কামাখ্যা মন্দিৰ আৰু গোটেই নীলাচল পাহাৰ এক সুকীয়া ৰূপত দেখা পোৱা যাব বুলি কয় পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Development plane of Kamakhya Temple) ।
ইয়াৰ উপৰি তেজপুৰৰ পৰ্যটন উদ্যোগৰ (Tourism spots of Tezpur) অধিক উন্নয়নৰ কথা চিন্তা কৰি আগন্তুক সময়ত অৰুণাচল প্ৰদেশৰ ভালুকপুং, নামেৰীৰ লগত সংলগ্ন কৰাৰ এক চিন্তা অব্যাহত ৰখা বুলিও তেওঁ প্ৰকাশ কৰে । তেজপুৰ মধ্য অসমৰ পৰ্যটন উদ্যোগৰ এক আকৰ্ষণীয় ঠাই বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰী প্ৰচেষ্টাৰ লগত সমানে হাত মিলাই বেচৰকাৰী খণ্ডইও ইয়াক আগবঢ়াই নিব লাগিব বুলি উল্লেখ কৰে ।
তেওঁ কয়, পৰ্যটনস্থলী গঢ়িবলৈ আন্তঃগাঁথনিৰ যথেষ্ট প্ৰয়োজন । লাগে থকা-মেলাৰ সুবিধা । ভাল হোটেল আৰু পৰিৱেশত পৰ্যটনস্থলীৰ আকৰ্ষণ বৃদ্ধি হয় আৰু সময়ত সেয়াও হৈ উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে । আনহাতে, উগ্ৰপন্থী সমস্যাৰ বাবে পূৰ্বতে অসমক লৈ বাহিৰৰ পৰ্যটকৰ ভাব ধাৰা বেলেগ আছিল যদিও সেয়া এতিয়া সমাধান হোৱা বুলিও মন্ত্ৰী জয়ন্ত মল্লই উল্লেখ কৰে ।
লগতে পঢ়ক :Assam Sahitya Sabha : সাহিত্য সভাৰ সভাপতি পদৰ বাবে য়েছে দৰজে ঠংচিৰ মনোনয়ন সংগ্ৰহ