ETV Bharat / state

পাঠ্যক্ৰমৰ পৰা বাদ পৰিল দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু

আনহাতে ৰাজনীতি বিজ্ঞানৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় অযোধ্যা বিবাদ আৰু গুজৰাটৰ বিদ্ৰোহকো বিষয়বস্তুৰ পৰা বাদি দিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৷

Jawaharlal Nehru's cheaper left from AHSEC syllabus
পাঠ্যক্ৰমৰ পৰা বাদ পৰিল দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু
author img

By

Published : Sep 25, 2020, 7:46 PM IST

তেজপুৰ, 25 ছেপ্তেম্বৰ: একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পাঠ্যক্ৰমৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল জৱাহৰলাল নেহেৰুৰ বিষয় সন্নিবিষ্ট কেইবাটাও খণ্ড ৷ মহামাৰী কোভিড -১৯ ৰ বাবে কেন্দ্ৰীয় বিদ্যালয় সমূহৰ পাঠ্যক্ৰমৰ পৰা কৰ্তন কৰা হৈছে প্ৰায় 30 শতাংশ বিষয়বস্তু ৷ সেইদৰেই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদেও গ্ৰহণ কৰিছে অনুৰূপ ব্যৱস্থা ৷ ফলত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান বিভাগৰ নতুন পাঠ্যক্ৰমৰ পৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কৰ্তন কৰিলে জৱাহৰলাল নেহৰুৰ জীৱনৰ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচন,নেহৰুৰ জাতি গঠনৰ প্ৰক্ৰিয়া,পঞ্চম পৰিকল্পনা,নেহৰুৰ বৈদেশিক নীতিৰ লগতে নেহৰুৰ ৰাজনীতিৰ কৃতকার্যতা আদিৰ দৰে বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়বস্তু ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ সমাজে ৷

পাঠ্যক্ৰমৰ পৰা বাদ পৰিল দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু

আনহাতে ৰাজনীতি বিজ্ঞানৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় অযোধ্যা বিবাদ আৰু গুজৰাটৰ বিদ্ৰোহকো বিষয়বস্তুৰ পৰা বাদি দিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৷ 1984 চনতে স্থাপন হোৱা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ এইয়া বিজেপি চৰকাৰৰ এক ৰাজনৈতিক পলিচি বুলি উল্লেখ কৰি নেহৰুৰ বিষয়বস্তু পুনৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে আছুৱে ৷ ইফালে ৰাজনীতি বিজ্ঞানৰ পৰা এইধৰণৰ অতি গুৰুত্বপূৰ্ণ বিষয়বস্তুবোৰ প্ৰত্যাহাৰ কৰিলে ছাত্ৰ-ছাত্ৰীয়ে বহু কথা শিকাৰ পৰা বঞ্চিত হ'ব বুলি মত প্ৰকাশ কৰিছে সচেতন ৰাইজে ৷

Jawaharlal Nehru's cheaper left from AHSEC syllabus
পাঠ্যক্ৰমৰ পৰা বাদ পৰিল দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু

লগতে পঢ়কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ এটা পৰিয়ালৰ কৰুণ কাহিনী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.