ETV Bharat / state

জৰাসৰ নৈৰ গৰাখহনীয়াত জাহ গ'ল বিশাল কৃষিভূমি

author img

By

Published : Jun 1, 2020, 1:37 PM IST

ৰঙাপৰা বিধানসভা সমষ্টিত জৰাসৰ নৈৰ বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াই আনিছে কেইবাটাও পৰিয়াললৈ ৷ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে একাংশ নৈপৰীয়া ৰাইজৰ মাটি-ভেটি ৷

jarashar river erosion in rangapara
jarashar river erosion in rangapara

ৰঙাপৰা, 1 জুনঃ ৰঙাপৰা বিধানসভা সমষ্টিত জৰাসৰ নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে তীব্ৰ গৰাখহনীয়াৰ ৷ কেইবাটাও পৰিয়াললৈ চৰম ভাবুকি কঢ়িয়াই অনা এই খহনীয়াই সম্প্ৰতি আতংকিত কৰি তুলিছে নৈপৰীয়া ৰাইজক ৷ একাংশ নৈপৰীয়া ৰাইজৰ মাটি-ভেটি জৰাসৰ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে ৷ চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা খৰস্ৰোতা জৰাসৰ নদীখনে প্ৰত্যেক বছৰৰ দৰে এইবেলিও তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷

ৰঙাপৰাত জৰাসৰ নৈৰ ভয়ংকৰ গৰাখহনীয়াঃ নৈত জাহ গ'ল কৃষিভূমি

ৰাইজৰ অভিযোগ অনুসৰি, জৰাসৰ নৈত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে বিজ্ঞানসন্মতভাৱে বান প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত নৈখনৰ বাঢ়নি পানীয়ে, বান আৰু ভয়াৱহ গৰাখহনীয়াৰ সৃষ্টি কৰি কৃষক তথা সাধাৰণ ৰাইজৰ জীৱন-জীৱিকাক ক্ষতিগ্ৰস্ত কৰি আহিছে ৷

ইতিমধ্যেই খৰস্ৰোতা নৈখনৰ বুকুত জাহ গৈছে, ৰঙাপৰাৰ মোলান গাঁৱৰ দুখীয়া কৃষকৰ ৰাইজৰ শ শ বিঘা কৃষিভূমি ৷ স্থনীয় ৰাইজে উল্লেখ কৰা অনুসৰি, অনাগত দিনত যদি ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগ বা গাঁও পঞ্চায়তে খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে একাংশ কৃষকৰ কৃষি ভূমি নদীৰ বুকুত জাহ যোৱাটো এক প্ৰকাৰ নিশ্চিত ৷ স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি জলসম্পদ বিভাগক গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই আহিছে যদিও, এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নোলোৱাত ভুক্তভোগী ৰাইজ ক্ষোভিত হৈ পৰিছে ৷

লগতে পঢ়কঃ ভূত বাংলাত পৰিণত এসময়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ জুইশলাৰ কাৰখানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.