তেজপুৰ, 22 নৱেম্বৰঃ ভাৰত তথা পৃথিৱী বিখ্যাত সৰ্বস্ব দীঘলীয়া অনশন কৰা আইৰণ লেডি খ্যাত মণিপুৰৰ ইৰম স্বৰ্মিলা স্বামী আৰু দুটি সন্তানৰ সৈতে শুকুৰবাৰে উপস্থিত হয় অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত।
নুৰাং লাৰ্ণিং ইনষ্টিটিউটৰ মহিলা সবলীকৰণ আৰু প্ৰেৰণাৰ এক বাৰ্ষিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণৰ উদ্দেশ্য ইটানগৰত উপস্থিত হয় ইৰম স্বৰ্মিলা ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আইৰণ লেডি গৰাকীয়ে কয়,নাগৰিকত্ব সংশোধনী বিধেয়ক পাছ কৰিবলৈ চেষ্টা কৰাৰ আগতে জনসাধাৰণৰ মাজত এক মতামত লোৱাৰ প্ৰয়োজনীয়তা আছিল। লগতে কয় যে, মই প্ৰতিটো দিনেই এনে ধৰণৰ বিষয়ৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছো বুলিও মন্তব্য কৰে ইৰম স্বৰ্মিলাই।