ETV Bharat / state

ৰঙাপৰাত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন

author img

By

Published : May 1, 2022, 9:51 PM IST

শোণিতপুৰ জিলাৰ ৰঙাপৰাতো শনিবাৰে চি আই টি ইউয়ে ঠাকুৰবাৰীত আন্তৰ্জাতিক শ্ৰমিক দিৱসটি উলহ-মালহেৰে উদযাপন কৰে (International Labour Day celebrate at Rangapara ) । অনুষ্ঠানৰ আৰম্ভণিতে বয়োজ্যেষ্ঠ নেত্ৰী চনি তাঁতীয়ে শ্ৰমিক দিৱসৰ আৰু তৰুণ দত্ত লহকৰে চি আই টিউৰ পতাকা উত্তোলন কৰে ৷

international-labour-day-observed-at-rangapara-in-sonitpur
ৰঙাপৰাত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন

ৰঙাপৰা, 1মে’: শ্ৰমিকসকলৰ কষ্টৰ প্ৰতি সন্মান জনাই শনিবাৰে সমগ্ৰ বিশ্বতে পালন কৰা হৈছে শ্ৰমিক দিৱস বা মে' দিৱস (International Labour Day 2022) । অসমতো বিভিন্ন ঠাইত আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

তাৰ সামন্তৰালকৈ শোণিতপুৰ জিলাৰ ৰঙাপৰাতো আজি চি আই টি ইউয়ে প্ৰতি বছৰৰ দৰে ঠাকুৰবাৰীত আন্তৰ্জাতিক শ্ৰমিক দিৱসটি উলহ-মালহেৰে উদযাপন কৰে (International Labour Day celebrate at Rangapara) । ধনৰীম খোলা স্মৃতি ভৱনৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এই শ্ৰমিক দিৱস অনুষ্ঠানটো দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৷

অনুষ্ঠানৰ আৰম্ভণিতে বয়োজ্যেষ্ঠ নেত্ৰী চনি তাঁতীয়ে শ্ৰমিক দিৱসৰ আৰু তৰুণ দত্ত লহকৰে চি আই টিউৰ পতাকা উত্তোলন কৰে । পতাকাস্থলী ‘দুনিয়াৰ মজদুৰ এক হওক’, ‘শ্ৰমিকৰ ওপৰত শোষণ নীতি নচলিব’, ‘চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰক’, ‘ইনক্লাৱ জিন্দাবাদ’ আদি বিভিন্ন শ্লোগানেৰে মুখৰিত হৈ পৰে ।

ৰঙাপৰাত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন

লগতে শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অমিতাভ চৌধুৰী আৰু গজেন বৰাই ৷ ইয়াৰ পাছতে চাহ শ্ৰমিক ৰাইজে হাতে হাতে ৰঙা পতাকা লৈ এক শোভাযাত্ৰা উলিয়াই সমগ্ৰ অঞ্চলটো পৰিক্ৰমা কৰে । এই অনুষ্ঠানৰ সভাস্থলীত চাহ বাগিচাৰ যুৱক-যুৱতীসকলে ঝুমুইৰ নৃত্য-গীতও পৰিৱেশন কৰে ৷

উল্লেখ্য যে, 1890 চনৰ পৰা 1 মে’ তাৰিখে শ্ৰমিকসকলৰ কষ্টৰ প্ৰতি সন্মান জনাই এই মে’ দিৱস অৰ্থাৎ শ্ৰমিক দিৱস উদযাপন কৰি অহা হৈছে ৷ পুঁজিপতি সকলে অতি সামান্য মজুৰিৰ বিনিময়ত শ্ৰমিকসকলক 18-20 ঘণ্টা সময় কামত খটুৱাই শ্ৰমৰ প্ৰাপ্ত মজুৰি শ্ৰমিকসকলক নিদিয়াৰ ফলত পুঁজিপতি সকলৰ এনে অন্যায়ৰ বিৰুদ্ধে কালমাক্স আৰু ফ্ৰেডেৰিক এংগেলছ গৰজি উঠি এক আন্দোলনৰ সৃষ্টি কৰিছিল ।

তেতিয়াৰ পৰা প্ৰতি বছৰে 1 মে’ত মে’ দিৱস অৰ্থাৎ শ্ৰমিক দিৱস উদযাপন কৰি অহা হৈছে ৷

লগতে পঢ়ক: International Labour Day 2022 : শ্ৰমিকসকললৈ বিশেষ আহ্বান মন্ত্ৰী যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.