ETV Bharat / state

উত্তৰ ছিকিমত ভাৰতীয়-চীনা সেনাৰ মাজত হটলাইন স্থাপন

সৌহাদ্যপূৰ্ণ সম্পৰ্কৰ মনোভাৱ কঢ়িয়াই নিয়াৰ বাবে তিব্বতীয় স্বায়ত্ব শাসিত অঞ্চলৰ খাম্বা ডজঙত উত্তৰ ছিকিমৰ কংৰা লা আৰু পিপ’লছ লিবাৰেছন অৱ আৰ্মী চমুকৈ পিএলএ (PLA) ৰ ভাৰতীয় সেনাৰ মাজত এটা হটলাইন স্থাপন কৰা হয় ।

author img

By

Published : Aug 1, 2021, 10:18 PM IST

India china border
ফাইল ফটো

তেজপুৰ, ১ আগষ্ট : ভাৰত-চীন সীমান্ত (India china border)ত বিশ্বাস আৰু সৌহাদ্যপূৰ্ণ সম্পৰ্কৰ মনোভাৱ কঢ়িয়াই নিয়াৰ বাবে তিব্বতীয় স্বায়ত্ব শাসিত অঞ্চলৰ খাম্বা ডজঙত উত্তৰ ছিকিমৰ কংৰা লা আৰু পিপ’লছ লিবাৰেছন অৱ আৰ্মী চমুকৈ পিএলএ (PLA) ৰ ভাৰতীয় সেনাৰ মাজত এটা হটলাইন স্থাপন কৰা হয় । দেওবাৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই সদৰী কৰে এই তথ্য । উল্লেখ্য যে, প্ৰতিবছৰে 1 আগষ্টত পি এল এ দিৱসৰ আয়োজন কৰা হয় ৷

এই উপলক্ষে দেওবাৰে আয়োজিত অনুষ্ঠানত ভাৰতীয় সেনাই পিপ’লছ লিবাৰেছন অৱ আৰ্মী চমুকৈ PLA ৰ লগত ছিকিমত মিলিত হয় ৷ দুয়োখন দেশৰ সশস্ত্ৰ বাহিনীয়ে গ্ৰাউণ্ড কমাণ্ডাৰ পৰ্যায়ত যোগাযোগৰ বাবে ভালদৰে প্ৰণালী স্থাপন কৰে । বিভিন্ন ক্ষেত্ৰত এই হটলাইনবোৰে একতা স্থাপন কৰাত আৰু সীমান্তত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাত বহুদূৰ আগুৱাই যোৱাত সফল হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : BPL উপভোক্তাই 10 টা কিস্তিত পৰিশোধ কৰিব পাৰিব বকেয়া বিল

উল্লেখ্য যে, ছিকিম সীমান্তত ভাৰতীয় সেনাৰ লগত 2019 চনত এক সীমা সংঘাতৰ সৃষ্টি হৈছিল ৷ পৰৱৰ্তী সময়ত এই সংঘাত লাডাখ সীমান্তত এবছৰ ধৰি অব্যাহত আছিল । দেওবাৰে আয়োজিত উদ্বোধনী অনুষ্ঠানত সংশ্লিষ্ট সেনাৰ গ্ৰাউণ্ড কমাণ্ডাৰসকলে অংশগ্ৰহণ কৰিছিল ৷ লগতে হটলাইনৰ জৰিয়তে বন্ধুত্ব আৰু সম্প্ৰীতিৰ বাৰ্তা বিনিময় কৰা হৈছিল বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা বিভাগে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.