তেজপুৰ, ১৬ ডিচেম্বৰ : ৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ইয়াংস্তেত চীনা সৈন্যই বলপূৰ্বক ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাই বিফল হয় (India and China troops clash)৷ ভাৰতীয় সেনাৰ এটা বিশেষ সীমান্ত পোষ্ট 300 চীনা সৈন্যই অধিগ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল যদিও ভাৰতীয় সেনাৰ সন্মুখত বিফল হৈ পৰে ।
সম্পূৰ্ণ প্ৰস্তুত হৈ অহা চীনা সৈন্যই ইয়াংস্তেত ভাৰতীয় সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ পাছত(India-China Dispute) উক্ত স্থানত শ্লিপিং বেগ থৈ যোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ ভাৰতে অৰুণাচল প্ৰদেশৰ চীনা সীমান্তত দ্ৰুত গতিত কৰা উন্নয়নত সচকিত হৈ পৰিছে চীনা সৈন্য ৷ কাৰণ চীন চৰকাৰে সীমান্তত স্থানীয় লোকৰ বসতিৰ বাবে গাঁও স্থাপন কৰাৰ লক্ষ্যৰে সীমান্তত প্ৰচুৰ সেনা মোতায়েন কৰি আহিছে ৷ সমান্তৰালকৈ বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত ভাৰতীয় সেনাৰ যুদ্ধাভ্য়াস শুকুৰবাৰে সমাপ্তি ঘটোৱা হয় (Indian Army Maneuvers)৷
উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ বাসিন্দাসকলে ভাৰতীয় সেনাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে যাতে 1962 চনৰ দৰে পৰিৱেশৰ সৃষ্টি হ’লেও চীনৰ সৈতে মুখামুখি হ’ব পাৰে ৷ অৰুণাচলৰ চীন সীমান্তত সামৰিক বাহিনীৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়ণৰ লগতে অত্যাধুনিক যুদ্ধ সামগ্ৰীৰে সষ্টম হৈ আছে L-70 এয়াৰ ডিফেঞ্চ ৷ ইফালে বিশেষ সূত্ৰৰ খবৰ অনুসৰি সীমান্তৰ পৰা 10 কিঃমিঃ দূৰত্বত চীনা সৈন্যও সষ্টম হৈ আছে ৷
তেজপুৰ মিছামাৰীস্থিত ভাৰতীয় সেনাৰ শিৱিৰত মানৱবিহীন এৰিয়েল আৰু শেহতীয়াকৈ দেশত নিৰ্মিত প্ৰচণ্ড হেলিকপ্টাৰৰ সংযোজনো কৰা হৈছে ৷ মনকৰিবলগীয়া যে, অৰুণাচল প্ৰদেশৰ ১,১২৫ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-চীন সীমান্তত ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ ভি ভি পি (Vibrant Village Program)ৰ অধীনত সীমান্তত থকা গাঁওসমূহৰ উন্নয়নৰ বাবে বহু গুৰুত্বপূৰ্ণ নীতি গ্ৰহণ কৰিছে চৰকাৰে ৷
পাহাৰীয়া ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চলত যোগাযোগ ব্যৱস্থা পূৰ্বতে অতি শোচনীয় আছিল শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ জনসংখ্যা যথেষ্ট কম হোৱাৰ বাবে সীমামূৰীয়া গাঁওসমূহ উন্নয়নৰ ক্ষেত্ৰত পিছপৰি ৰ’বলগীয়া হয় ৷ ফলস্বৰূপে মুঠ ৩,৪৮৮ কিল’মিটাৰ দৈৰ্ঘৰ ভাৰত-চীন সীমান্তৰ সমগ্ৰ অংশতে লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈ থকা গাঁওসমূহৰ উন্নয়ন এই ব্যৱস্থাত সামৰি লোৱা হৈছে ৷
কেন্দ্ৰীয় চৰকাৰে সমান্তৰালভাৱে অৰুণাচল প্ৰদেশৰ চৰকাৰেও এই বিষয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷ সীমান্তত প্ৰব্ৰজন ৰোধ কৰিবলৈ ভাৰত চৰকাৰে ২০২২-২৩ চনৰ কেন্দ্ৰীয় বাজেটত এই ভিভিপি আৰম্ভ কৰে । ভিভিপিয়ে উত্তৰ পৰাৰ সীমান্তৰ সীমান্তৱৰ্তী গাঁওসমূহক সামৰি লোৱাৰ প্ৰস্তাৱ দিয়ে ৷ যিসমূহ গাঁৱৰ জনসংখ্যা অতি কম, সীমিত সংযোগ আৰু আন্তঃগাঁথনি দুৰ্বল, উক্ত গাওঁসমূহ প্ৰায়ে উন্নয়নৰ পৰা বিৰত থাকিবলগীয়া হয় (Remote village at India China border)৷
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লাডাখ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিকিমৰ পৰা অৰুণাচল প্ৰদেশলৈকে বিস্তৃত সীমান্তৰ সমগ্ৰ উত্তৰ পাৰৰ প্ৰায় ২৯৬৮ খন গাঁও চিনাক্ত কৰি ইতিমধ্যে কাম আৰম্ভ কৰিছে ৷ এই সমগ্ৰ ব্যৱস্থাত বিশেষকৈ অৰুণাচল প্ৰদেশত ভাৰতীয় সেনা গাঁওসমূহৰ লগত বিশেষভাৱে জড়িত হৈ আছে ৷
অৰুণাচল প্ৰদেশৰ মুঠ ১৪৫১ খন গাঁৱৰ ভাৰতৰ উত্তৰ-পূবত চীনৰ সৈতে সীমান্তৰ দায়িত্বত আছে ইয়াৰে সেনাৰ তৃতীয় কৰ্পছৰ অধীনত আছে ১২৫৯ খন গাঁও ৷ পূব অৰুণাচল প্ৰদেশত সেনাৰ অধীনত এই স্থানত ১২৫৯ খন গাঁও ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেমৰ অধীনত চিনাক্ত কৰা হৈছে যাৰ ভিতৰত সেনাই চিনাক্ত কৰিছে সীমান্তৰ ১২৫ খন গাঁও ৷
অৰুণাচল প্ৰদেশ তিনিখন আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভিতৰত পশ্চিম দিশত ভাৰত-ভূটান, উত্তৰ-পূবত ভাৰত-চীন আৰু পূব দিশত ভাৰত ম্যানমাৰ সীমা । সীমান্তত প্ৰথমখন গাঁৱৰ পৰা এই কাম আৰম্ভ হৈছে ৷ অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, গুজৰাট, হিমাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাৱ, ৰাজস্থান, ছিকিম, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, জম্মু-কাশ্মীৰ (কেন্দ্ৰীয় শাসিতীয় অঞ্চল) আৰু লাডাখ (কেন্দ্ৰীয় শাসিত অঞ্চল) ক সামৰি লোৱা হৈছে ।
বিএডিপিৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাৰ্ষিক কাৰ্য্য পৰিকল্পনা যেনে পথ আৰু দলং, স্বাস্থ্য, শিক্ষা, কৃষি, ক্ৰীড়া, খোৱাপানী আৰু অনাময় আদি গাঁৱৰ আন্তঃগাঁথনিৰ সৈতে জড়িত কামৰে গঠিত বাৰ্ষিক কাৰ্য পৰিকল্পনাসমূহ প্ৰচলিত বিএডিপিৰ নিৰ্দেশনা অনুসৰি বিবেচনা কৰি অনুমোদন কৰা হয় ।
লগতে পঢ়ক: Special Adoption Agencies: 390 বিশেষ দত্তক সংস্থাত 4 হাজাৰোধিক শিশু, লোকসভাত স্মৃতি ইৰাণী