তেজপুৰ, 4 মে': কৰ'ণা মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনা বাহিনী । ভাৰতীয় সেনা বাহিনীয়ে মুঠ ৬০০ টনৰো অধিক চিকিৎসা সামগ্ৰী ইতিমধ্যে, এয়াৰ ড্ৰপিঙেৰে অধিক লোকক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগান ধৰি, এই মহামাৰীৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টাত সক্ষম হোৱা বুলি জানিব পৰা গৈছে । এক বিশেষ সাক্ষাৎকাৰত ইটিভি ভাৰতৰ সাংবাদিকৰ আগত এই বিষয়ে উল্লেখ কৰে তেজপুৰস্থ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডেয়ে ।
![বায়ু সেনা বাহিনীৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এয়াৰ ড্ৰপিং](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7056820_image.jpg)
লক্ ডাউনৰ সময়ত উত্তৰ পূৰ্বঞ্চৰ সকলো দুৰ্গম ঠাইতে বায়ু সেনা বাহিনীৰ দ্বাৰা এয়াৰ ড্ৰপিঙেৰে খাদ্য সামগ্ৰীৰ যোগান ধৰে । সীমান্তৱৰ্তী টাৱাং আৰু অৰুণাচল প্ৰদেশৰ ভিতৰুৱা অঞ্চল আৰু অসমৰ বিভিন্ন ঠাইতো সেনাৰ দ্বাৰা এই সহায় আগবঢ়োৱা হৈছে । উল্লেখ্য যে, সেনাবাহিনীৰ প্ৰতিগৰাকী লোক এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু বুলিও উল্লেখ কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ গৰাকীয়ে । ইতিমধ্যে সেনাৰ তিনিটা বিভাগৰ পৰা এই যুদ্ধৰ প্ৰথম শাৰীৰ লোকসকলক সন্মানো জনোৱা হৈছে । শেহতীয়াভাৱে বায়ু সেনাৰ আগশাৰীৰ যুঁজাৰু বিমান চুখয় ৩০ এমকেআইৰ বিভিন্ন বিমানেৰে চিকিৎসা কৰ্মী সকলক শ্ৰদ্ধা জ্ঞাপন কৰিছে ।
![যুঁজাৰো বিমান চুক্ষয় ৩০ এমকেআইৰ বিভিন্ন জাহাজেৰে চিকিৎসা কৰ্মী সকলক শ্ৰদ্ধা জ্ঞাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7056820_image1.jpg)
উল্লেখ্য যে, প্ৰথম পৰ্যায়ত লক্ ডাউনৰ পূৰ্বেই ভাৰতত প্ৰায় ১,০৫৭,৫০৬ গৰাকী লোকক ৩০ টা বিমানবন্দৰ আৰু ৭৭ টা সাগৰীয় বন্দৰত স্কেনিং কৰিছে । ইয়াৰোপৰি সেনাবাহিনীৰ বিভিন্ন ঠাইত সকলো কৰ্পছৰ অধীনত ট্ৰেণজিট কেম্পৰ ব্যৱস্থা কৰি ১৪ দিনলৈকে পৰ্যবেক্ষণত ৰখাৰো ব্যৱস্থা কৰিছে । ভাৰতীয় নৌ সেনাৰ Western Naval Command(WNC)য়ে ১০০ খন বিচনাযুক্ত কোৱাৰেণ্টাইন কেম্প স্থাপন কৰি মুম্বাইৰ ঘাতক'পাৰত, COVID-19ৰ পৰ্যবেক্ষণ অব্যাহত ৰাখিছে বুলি সেনাবাহীনৰ সূত্ৰত ইতিমধ্যে উল্লেখ কৰিছে । ইয়াৰ পূৰ্বে সেনাবাহিনীৰ তৰফৰ পৰা ২৬৫ জন লোকক চিকিৎসাও প্ৰদান কৰা হৈছিল ।
লগতে পঢ়কঃ লকডাউনৰ মাজতে সংঘৰ্ষ: এজন নিহত, ৬জন আহত