তেজপুৰ, 10 এপ্ৰিল: যুদ্ধকালীন ক্ষিপ্ৰতাৰে বনজুই নিৰ্বাপন কৰি অৰুণাচলৰ এখন গাঁৱক সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পৰা কথমপি ৰক্ষা কৰিলে ভাৰতীয় সেনাই ৷ ভাৰতীয় সেনাৰ স্পীয়েৰ কৰ্পছৰ অধীনত দাও ডিভিজনে আঞ্জাও জিলাৰ সীমান্তৰ বাদা কান্দন নামৰ গাঁওখনক এই ভয়ংকৰ বনজুইৰ পৰা ৰক্ষা কৰে ৷
জানিব পৰা মতে, 7 এপ্ৰিলত অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ বাডা কান্দন গাঁৱৰ ওচৰত অৱস্থিত স্পিয়েৰ কৰ্পৰ ডাও ডিভিজনৰ সেনাসকলক গাঁওবাসীয়ে বনজুইৰ বিষয়ে অৱগত কৰে ৷
ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে সেনাৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু তেওঁলোকে বাডা কান্দন গাঁৱৰ নিচেই সমীপত ভয়ংকৰ জুই প্ৰত্যক্ষ কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি সময়ত গৈ জুইকুৰা প্ৰত্যক্ষ নকৰিলে যিকোনো মুহূৰ্ততে জুইয়ে সমগ্ৰ গাঁওখন আগুৰি ধৰিলেহেঁতেন ৷
প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে, নিজৰ ব্যক্তিগত সুৰক্ষাৰ কথা চিন্তা নকৰি সেনাৰ দলটোৱে যুদ্ধকালীন ক্ষিপ্ৰতাৰে জুই নিৰ্বাপন অভিযানত নামি পৰে ৷ প্ৰায় 12 ঘন্টা জোৰা প্ৰচেষ্টাৰ অন্তত 8 এপ্ৰিলৰ বিয়লি সেনাই এই জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷