তেজপুৰ,11 জানুৱাৰী: কৰায়ত্ব চীনা পিএলএ সৈনিকক মুকলি কৰি দিলে ভাৰতীয় সেনাই ৷ সোমবাৰে পুৱা ১০.১০ বজাত লাডাখ সূচিলৰ মোদলোৰ মিটিং অঞ্চলত সৈনিকজনক চীনা সৈন্যৰ হাতত গতাই দিয়ে ভাৰতীয় সেনাই ৷
উল্লেখ্য যে, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত বিচৰণ কৰি থকা অৱস্থাতে বিগত 8 জানুৱাৰীত লাডাখৰ ৰেজাং-লাত চীনা পিএলএৰ সৈনিক জনক কৰায়ত্ব কৰিছিল ভাৰতীয় সেনাই ৷ নিয়ন্ত্ৰণৰেখা পাৰ হৈ ভাৰতীয় সীমান্তৰ ভিতৰত প্ৰৱেশ কৰিছিল সৈনিকজন ৷ ইয়াৰ পিছতেই ভাৰতীয় সেনাৰ জিম্মাত ৰখা হৈছিল সৈনিকজনক ৷
এই ঘটনাক কেন্দ্ৰ কৰি দুয়োপক্ষৰে মাজত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ ভাৰতীয় সেনাই প্ৰকাশ কৰা অনুসৰি, দুয়োপক্ষৰ সৈনিক এই অঞ্চলত মোতায়েন হৈ আছে ৷ কিন্তু পিএলএৰ সৈনিকজনে নীতিবৰ্হিভূতভাৱে ভাৰতীয় সীমান্তত প্ৰৱেশ কৰাৰ বাবেই তেওঁক কৰায়ত্ব কৰা হৈছে ৷ ইয়াৰ পিছতেই সোমবাৰে মুকলি কৰি দিয়া হয় চীনা পিএলএৰ সৈনিকজনক ৷
বিগত মে' মাহত দুয়ো দেশৰে সেনাৰ মাজত হোৱা মুখামুখী সংঘাতৰ পিছত চীনা সৈন্যই নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰা এইটো দ্বিতীয়টো ঘটনা ৷ ইয়াৰ পূৰ্বে 2020ৰ অক্টোবৰ মাহত ভাৰতীয় সেনাই কৰায়ত্ব কৰা চীনা সৈন্যৰ এজন কৰ্পোৰেল ৱাং য়া লঙক আটক হোৱাৰ দুদিন পিছত ২১ অক্টোবৰত চীনক গতাই দিছিল ভাৰতে ৷
লগতে পঢ়ক-মাত্ৰ দুটা মাহতে অসমত নিবনুৱাৰ হাৰ ৬.৪ শতাংশলৈ বৃদ্ধি