ETV Bharat / state

অসমৰ ভূমিত অৰুণাচলৰ লোকে ৰোপণ কৰা বাগিচা উচ্ছেদ

author img

By

Published : Jul 31, 2021, 10:41 PM IST

অসম-মিজোৰামৰ সীমা বিবাদক লৈ ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইয়াৰ মাজতে অসমৰ ভূমি দখল কৰি অৰুণাচলৰ লোকে অবৈধভাৱে নিৰ্মাণ কৰা চাহ বাগানত উচ্ছেদ চলালে লখিমপুৰ জিলাৰ বন বিভাগে ৷

illegally-planted-tea-by-arunachal-people-in-lakhimpur-evicted
অসমৰ ভূমিত অৰুণাচলৰ লোকে ৰোপণ কৰা চাহ উচ্ছেদ

তেজপুৰ, 31 জুলাই : অসম-মিজোৰামৰ সীমা বিবাদক লৈ গৰম হৈ আছে ৰাজ্যৰ ৰাজনৈতিক মহল ৷ ইয়াৰ মাজতে লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ৰঙা ৰিজাৰ্ভৰ কিমিন এলেকাত অসমৰ ভূমিত অৰুণাচলৰ লোকে অবৈধভাৱে ৰোপণ কৰা চাহপুলি উচ্ছেদ কৰে লখিমপুৰ জিলাৰ বন বিভাগে ৷ প্ৰায় 5 হেক্টৰ অসমৰ ভূমি অবৈধভাৱে দখল কৰি অৰুণাচলৰ লোকে ৰোপণ কৰিছিল চাহপুলি সমূহ ৷ ইয়াৰ পাছতে তৎপৰ হৈ পৰে লখিমপুৰ জিলাৰ বন বিভাগ ৷

Illegally planted tea by Arunachal people in Lakhimpur evicted

উল্লেখ্য যে, অসম চৰকাৰে এফালে নাগালেণ্ডৰ লগত এক গুৰুত্বপূৰ্ণ চুক্তিৰ স্বাক্ষৰ কৰি সীমা সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা ৰাখিছে, আনফালে মিজোৰামৰ লগত উত্তেজনা অব্যাহত আছে ৷ ইয়াৰ মাজতে অসমৰ ভূমি আগ্ৰাসনত ব্যস্ত হৈ পৰিছে অৰুণাচল প্ৰদেশৰ একাংশ দুস্কৃতিকাৰী ৷ অৰুণাচল প্ৰদেশৰ লগত সীমা সমস্যা কোনো নতুন কথা নহয় ৷ 1998 চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সময়ত কাকৈ আৰু তাৰছোত এই আগ্ৰাসনে ভয়ানক ৰূপ ধাৰণ কৰিছিল ৷

যাৰ বাবে তেতিয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানীৰ পৃষ্ঠপোষকতাত সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত ষ্টেটাছ (Status quo) বৰ্তাই ৰখাৰ ব্যৱস্থা কৰা হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত সেয়া তেনেদৰেই থাকি গ'ল ৷ অৰুণাচল প্ৰদেশৰ দুস্কৃতিৰ দ্বাৰা অসমৰ ভূমিত বৰ্তমানেও আগ্ৰাসন অব্যাহত আছে ৷

অসমৰ ভূমিত অৰুণাচলীৰ চাহ ৰোপন

বিগত কিছুদিন ধৰি এচাম অৰুণাচলী লোকে অসম-অৰুণাচলৰ চুক্তিৰ লগতে কেন্দ্ৰীয় চৰকাৰে আইনীভাৱে ঘোষণা কৰা দুয়ো ৰাজ্যৰ শান্তি চুক্তি ভংগ কৰি অসমৰ ভূমি বেদখল কৰি আহিছে ৷ যাৰ বাবে উক্ত ঘটনাক লৈ অসম-অৰুণাচলৰ সীমান্তৱতী এলেকাত চেপা উত্তেজনা বিৰাজ কৰিছে ৷ অৰুণাচলীৰ আগ্ৰাসনৰ ক্ষেত্ৰত লখিমপুৰ জিলাৰ প্ৰশাসনৰ লগতে অসম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে নল’লে পুনৰ জিলাখনৰ কিমিন, ৰঙা ৰিৰ্জাভ, পিছলা, তৰাজুলিকে ধৰি বহু অসমৰ এলেকা অৰুণাচলৰ প্ৰদেশৰ পাপুমপাৰে জিলাৰ দখললৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

লগতে পঢ়কঃ 1 আগষ্টৰ পৰা আৰম্ভ নটসূৰ্য ফণী শৰ্মাৰ সমাধিস্থলী নিৰ্মাণৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.