তেজপুৰ,১৪ মাৰ্চ: যোৱা ২৪ ঘণ্টাত শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত চলোৱা নিয়মীয়া তালাচী অভিযানত ফ্লায়িং স্কোৱাড আৰু স্থিৰ নিৰীক্ষণকাৰী দলে মুঠ ২,৮৯,৫৯০ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷ শণিবাৰে নিশা অভিজিৎ ভট্টাচাৰ্যৰ অধীনত যোৱা এটি ফ্লায়িং স্কোৱাডৰ দলে চতিয়া সমষ্টিৰ জামুগুৰিহাটত চলোৱা অভিযান এখন বাহনৰ পৰা ৯৫,০০০ টকা জব্দ কৰে ৷
একেদৰে দেওবাৰে ঢেকীয়াজুলিৰ আলিচিঙাত নিয়মীয়া তালাচী অভিযান চলাই থকা সময়ত ১,৯৪,৫৯০ টকা জব্দ কৰা হয় ৷ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বাবে নিয়োজিত মেহবুব হাছানৰ নেতৃত্বত যোৱা স্থিৰ নিৰীক্ষণকাৰী দলে ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত যোৱা ফ্লায়িং স্কোৱাডৰ সহযোগত দেওবাৰে পুৱাৰ ভাগত এখন বাহনৰ পৰা জব্দ কৰে এই টকাখিনি ৷
উক্ত ধনখিনিৰ গৰাকীয়ে উপযুক্ত তথ্য দাখিল কৰিব নোৱাৰাত বৰ্তমান টকাখিনি তেজপুৰ কোষাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলে ৷
লগতে পঢ়ক: এতোৱা মুণ্ডাৰ নিৰ্বাচনী সভাত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী