তেজপুৰ, ৯ এপ্ৰিল : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহয়ে সোমবাৰ আৰু মঙলবাৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব (Home Minister Amit Shah to visit Arunachal)। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে এক প্ৰেছ বিবৃত্তি জৰিয়তে সদৰী কৰে এই কথা ৷ তেওঁ কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই দুদিনীয়া ভ্ৰমণে ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চলৰ গাঁওসমূহৰ উন্নয়নত এক ঐতিহাসিক অৱদান আগবঢ়াব ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰ আৰু মঙলবাৰে আঞ্জাৱ জিলাৰ কিবিথু ভ্ৰমণ কৰি সীমান্ত অঞ্চলসমূহৰ উন্নয়নৰ প্ৰতি কেন্দ্ৰৰ উদ্বেগক গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰে ৷ লগতে খাণ্ডুৱে কয় যে, তেওঁ ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম (ভিভিপি) আৰম্ভ কৰিব (Vibrant Villages Programme) ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত চৰকাৰে ২০২২-২৩ ৰ পৰা ২০২৫-২০২৫ চনৰ বিত্তীয় বৰ্ষৰ বাবে একান্তভাৱে পথ সংযোগৰ বাবে ২৫০০ কোটি টকাকে ধৰি ৪৮০০ কোটি টকাৰ কেন্দ্ৰীয় উপাদানৰে ‘ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম’ (ভিভিপি)ত অনুমোদন জনাইছে । শনিবাৰে গৃহ মন্ত্ৰালয়ৰ এক বিবৃতিত প্ৰকাশ হৈছে এই তথ্য (Vibrant Villages Programme in Kibithoo) ।
অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আৰু কয় যে এই আঁচনিখনৰ অধীনত অৰুণাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু লাডাখৰ উত্তৰ সীমান্তৰ ১৯ খন জিলাৰ ৪৬ টা ব্লকত ২৯৬৭ খন গাঁৱৰ সৰ্বাংগীন উন্নয়নৰ বাবে চিনাক্ত কৰা হৈছে ৷ কেন্দ্ৰীয় পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত আন্তৰ্জাতিক উত্তোৰণ হ’লে ৰাজ্যখন সৰ্বাধিক লাভান্বিত হ’ব বুলিও উল্লেখ কৰে খাণ্ডুৱে ৷ প্ৰথম পৰ্যায়ত অগ্ৰাধিকাৰ কভাৰেজৰ বাবে চিনাক্ত কৰা ৬৬২খন সীমান্ত গাঁৱৰ ভিতৰত ৪৫৫ খন অৰুণাচল প্ৰদেশত আছে বুলিও সদৰী কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লিকাবালি (অৰুণাচল প্ৰদেশ), চাপৰা (বিহাৰ), নুৰানাড (কেৰালা) আৰু বিশাকাপট্টনম (অন্ধ্ৰপ্ৰদেশ)ত আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি) প্ৰকল্পও উদ্বোধন কৰিব । কিবিথুত আইটিবিপিৰ কৰ্মীসকলৰ সৈতেও গৃহমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰিব ।
সীমান্ত জিলাসমূহৰ আত্মসহায়ক গোটৰ মহিলা সদস্যসকলে নিৰ্মাণ কৰা সামগ্ৰীসমূহৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হ’ব । লগতে ১১ এপ্ৰিলত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নামতি পথাৰ পৰিদৰ্শন কৰি ৱালং যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব (Walong War Memorial) ।
লগতে পঢ়ক : Boxer Lovlina Borgohain in Nainital: হঠাৎ কিয় নাইনিতাললৈ গ’ল লাভলীনা ?