ETV Bharat / state

Vintage Car 555: এখন বিশেষ ফিয়েট বাহনেৰে অতীতলৈ এক যাত্ৰা - প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

যোৱা 5 টা দশক ধৰি এই বাহনখন অসমৰ বহু ৰাজনৈতিক ঘটনা পৰিঘটনাৰ সাক্ষ্য বহন কৰা এখন বিশেষ বাহন ৷ আমি ক’ব খোজা আজিৰ কাহিনীৰ মূল চৰিত্ৰ সেই ফিয়েট কোম্পানীৰ প্ৰিমিয়াৰ বাহনখনৰ গৰাকী হ'ল অসমৰ বৰ্ষীয়ান ৰাজনীতিক তথা অসমৰ ৰাজনীতিৰ পিতামহস্বৰূপ প্ৰেমধৰ বৰা ৷

History of  Vintage 555 Car
ইতিহাস গৰকা 555 নম্বৰৰ বিশেষ বাহনখন
author img

By

Published : Jul 19, 2023, 9:28 PM IST

Updated : Jul 20, 2023, 7:19 PM IST

ইতিহাস গৰকা 555 নম্বৰৰ বিশেষ বাহনখন

তেজপুৰ , 19 জুলাই : 44 বছৰ গৰকা এখন বিশেষ বাহন ৷ যোৱা 5 টা দশক ধৰি এই বাহনখন অসমৰ বহু ৰাজনৈতিক ঘটনা পৰিঘটনাৰ সাক্ষ্য বহন কৰিছে ৷ এক কথাত ক’বলৈ অসমীয়া জনজীৱনৰ এক সোণালী যুগৰ সাক্ষী এইখন বিশেষ এম্বেছাদৰ বাহন ৷ এই বাহনখনৰ বুকুত নিৰ্লিপ্তে হেৰাই গৈছে বহু ব্যক্তিগত, সামাজিক আৰু ৰাজনৈতিক অধ্যায় ৷

তেতিয়া সময় আছিল 1970-80 দশক ৷ তেতিয়াৰ দিনত এম্বেছেদৰ, ফিয়েট বাহনৰ জনপ্ৰিয়তা আছিল তুংগত ৷ তেতিয়া দিনত এনে বাহনবোৰ কেৱল সম্ভ্ৰান্ত লোকেহে ব্যৱহাৰ কৰিছিল আৰু তেনে গাড়ীবোৰক সেই সময়ৰ ফাৰ্ষ্টক্লাছ গাড়ী বুলি কোৱা হৈছিল ৷ ইয়াৰ মাজতে এখন ফিয়েট বাহন সেই সময়ত অসমত বিশেষকৈ সকলোৰে বাবে পৰিচিত আছিল ৷ গাড়ীখনৰ পঞ্জীয়ন নম্বৰ আছিল ASM 555 ৷ বাদামী আৰু চকোলেট ৰঙৰ সেই ফিয়েটখনৰ আছে এক সুকীয়া ইতিহাস ৷

আপোনালোকক আজি আমি চিনাকী কৰাই দিব খোজা এই বিশেষ বাহনখনৰ ওতঃপ্ৰোতঃ সম্পৰ্ক আছে অসম আন্দোলনৰ লগত ৷ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী, অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা প্ৰয়াত শৰৎচন্দ্ৰ সিংহ, হিতেশ্বৰ শইকীয়া, চৈয়দা আনোৱাৰা টাইমূৰৰ পৰা আদি কৰি অসম আন্দোলনৰ গুৰি ধৰোঁতা ছাত্ৰ নেতা অতুল বৰা, ভৃগু ফুকন, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈকে কোন উঠা নাছিল এই বিশেষ বাহনখনত !

আমি ক’ব খোজা আজিৰ কাহিনীৰ মূল চৰিত্ৰ সেই ফিয়েট কোম্পানীৰ প্ৰিমিয়াৰ বাহনখনৰ গৰাকী হ'ল অসমৰ বৰ্ষীয়ান ৰাজনীতিক তথা অসমৰ ৰাজনীতিৰ পীতামহস্বৰূপ প্ৰেমধৰ বৰা ৷ প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ বিহপুৰীয়াস্থিত বাসগৃহত এতিয়াও সযতনে থৈ দিয়া আছে বাহনখন ৷ 1979 চনত প্ৰেমধৰ বৰা শিক্ষামন্ত্ৰী হোৱাৰ সময়তে প্ৰায় 18 হাজাৰ টকাত ক্ৰয় কৰা বাহনখনত উঠিয়েই এসময়ত অসম আন্দোলনৰ বহু নেতাই ইঠাইৰ পৰা সিঠাইলৈ অহা-যোৱা কৰিছিল ৷ চালকৰ নিৰ্দিষ্ট আসনত কিন্তু আছিল গাড়ীৰ গৰাকী প্ৰেমধৰ বৰা ৷

সময়ৰ অগ্ৰগতিৰ লগে লগে, চাৰিচকীয়া বিলাসী বাহনৰ আধুনিকীকৰণত, ইতিহাসপ্ৰসিদ্ধ ফিয়েট আজি অতীত ৷ আগৰ দৰে ৰাজপথত গুৰু গম্ভীৰভাৱে চলাচল কৰা দেখা পোৱা নাযায় একালত ৰাজপথত আভিজাত্যত প্ৰতীক ফিয়েট বাহনক ৷ ফলত অসমৰ ৰাজনৈতিক, সামাজিক বহু গুৰুত্বপূৰ্ণ সময়ৰ সাক্ষী প্ৰেমধৰ বৰাৰ বিশেষ বাহনখন এতিয়া পৰিত্যক্ত অৱস্থাত পৰি আছে ৷ সম্প্ৰতি বাহনখন সংৰক্ষণৰ বাবেও কোনো সদাশয় লোক আগবাঢ়ি আহিছে বুলি খোদ জানিবলৈ দিছে বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীয়ে ৷

এই বিশেষ বাহন যদি সযতনে সংৰক্ষিত হৈ ৰয়, বিগত প্ৰায় 5 টা দশকৰো অধিক কাল অসম ৰাজনৈতিক-সামাজিক-অৰ্থনৈতিক পটভূমিৰ নীৰৱ দৰ্শক হৈ ৰোৱা এই 555 ফিয়েটখন আগন্তুক দিনতো সাক্ষী হৈ ৰ’ব অসম তথা দেশৰ ৰাজনৈতিক লগতে সমাজ জীৱনৰ বহু ঘটনা পৰিঘটনাৰ ৷

লগতে পঢ়ক:Nagaon Politics: 3G ৰ পিচত এইবাৰ নগাঁৱত চর্চা RRRক লৈ

Last Updated : Jul 20, 2023, 7:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.