ETV Bharat / state

হিমন্তৰ মতে প্ৰতিটো সমষ্টিত 12 ৰ পৰা 15 শ ভোট পাব আছু সমৰ্থিত প্ৰাৰ্থীয়ে - ডঃ নগেন শইকীয়া

আছুৰ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলৰ প্ৰতিটো বিধান সভা সমষ্টিতে আমানতৰ ধন বাজেয়াপ্ত হ’ব আৰু ১২০০ ৰ পৰা ১৫০০ ভোট পাব বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

himanta biswa sharma
himanta biswa sharma
author img

By

Published : Aug 19, 2020, 11:01 PM IST

তেজপুৰ,১৯ আগষ্ট : সদৌ অসম ছাত্ৰ সন্থাই নতুন ৰাজনৈতিক দল গঠন কৰা সন্দৰ্ভত অসমৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ । বুধবাৰে তেজপুৰত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ৰ মিত্ৰতাৰ কথাত মন্ত্ৰীগৰাকীয়ে সাংবাদিকক ওলোটাই প্ৰশ্ন কৰে যে এতিয়া এনেকুৱা সময় হ’ল নেকি আজমাল আৰু আমিনুলক লৈ সাংবাদিক সকল ব্যস্ত থাকিব লগা হৈছে । অসমক বচাবলৈ হ’লে আমিনুলক বাদ দিয়ক বুলি কয় নেদাৰ আহ্বায়ক তথা বিত্ত আৰু স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গঠন কৰা কমিটি খনক কটাক্ষ কৰি আছুৰ প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ প্ৰাৰ্থী সকলৰ প্ৰতিটো বিধান সভা সমষ্টিতে আমানতৰ ধন বাজেয়াপ্ত হ’ব আৰু ১২০০ৰ পৰা ১৫০০ ভোট পাব বুলি ভৱিষ্যদ্বাণী কৰে মন্ত্ৰীজনে ।

বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আছুক কটাক্ষ

আনহাতে বিশিষ্ট সাহিত্যিক বুদ্ধিজীৱী ডঃ নগেন শইকীয়াক ৰাজনীতিত নোসোমাবলৈ আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই । তেওঁ লগতে কয় যে, তেওঁৰ ওচৰত এ আই উ ডি এফৰ বিধায়ক থিয় হ’বই নোৱাৰে । বিধান সভাত হিমন্ত উঠিলে এই সকল বিধায়ক বহি থাকে ,আৰু কয় যে তেওঁলোকৰ নামেই শুনা নাই ।

লগতে পঢ়ক : তেজপুৰত অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.