ETV Bharat / state

অৰুণাচলত ভয়াৱহ ভূমিস্খলনত চাৰিগৰাকীয়ে হেৰুৱালে প্ৰাণ

author img

By

Published : Jun 19, 2022, 6:09 PM IST

মুষলধাৰ বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত স্তব্ধ জনজীৱন (Heavy rainfall hits Arunachal Pradesh)। বিভিন্ন ঠাইত আৰম্ভ হৈছে ভয়াৱহ ভূমিস্খলন । কালেকতং অঞ্চলত ভূমিস্খলনত একেটা পৰিয়ালৰ ৩ গৰাকীৰ মৃত্য়ু ৷ দেওবাৰে পুৱা পাপুম পাৰে জিলাৰ য়ুপিয়া পাপুহ নলাহ পথত ভূমিস্খলনৰ ফলত এজন ছাত্ৰৰ ঘটনাস্থলীতে মৃত্য়ু হয় ।প্ৰশাসনে চলাব পৰা নাই উদ্ধাৰ অভিযান ।

tezpur
অৰুণাচলত ভয়াৱহ ভূমিস্খলনত চাৰিগৰাকীয়ে হেৰুৱালে প্ৰাণ

তেজপুৰ, 19 জুন : বিগত কিছুদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত আৰম্ভ হৈছে ভয়াৱহ ভূমিস্খলন (Massive landslides in Arunachal Pradesh)। ৰাজ্য়খনত ইতিমধ্য়ে ভূমিস্খলন আৰু বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ লৈছে । প্ৰচুৰ বৰষুণ আৰু ভয়াৱহ ভূমিস্খলনৰ ফলত অৰুণাচল প্ৰদেশৰ ভিন্ন ঠাইত চাৰিজন লোকৰ প্ৰাণ হানি হোৱাৰ খবৰ পোৱা গৈছে ।

অৰুণাচলৰ পশ্চিম কামেং জিলাৰ কালেকতং অঞ্চলতো সংঘটিত হৈছে এই অঘটন । ভূমিস্খলন হৈ একেটা পৰিয়ালৰে তিনিগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । জিলা প্ৰশাসনে জনোৱা তথ্য অনুসৰি কালেকতং অঞ্চলত তিনিগৰাকী লোকৰ ভূমিস্খলনত মৃত্য়ু হৈছে । 700 চিন নামৰ ঠাইত ওৰাং- কালেকতং-চেৰগাঁও-ৰূপা-টেঙা পথ সংঘটিত এই ভূমিস্খলনত এটা দম্পতীৰ মৃত্য়ু হয় । এই ঘটনাত তেওঁলোকৰ পুত্ৰও মৃত্য়ুমুখত পৰে বুলি জিলা প্ৰশাসনে জনাইছে ।

landslide

ইপিনে, দেওবাৰে পুৱা পাপুম পাৰে জিলাৰ য়ুপিয়া পাপুহ নলাহ পথত ভূমিস্খলনৰ ফলত এজন ছাত্ৰৰ ঘটনাস্থলীতে মৃত্য়ু হয় । আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰজনে মটৰ চাইকেলৰে আন এজন বন্ধুৰ সৈতে গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় । অৱশ্য়ে এই ঘটনাটোত দৈৱক্ৰমে লগৰজনৰ প্ৰাণ ৰক্ষা পৰে । পাছত তেওঁ আৰক্ষীক খবৰ দিয়ে (Arunachal Pradesh landslide news)।

জিলা প্ৰশাসনে জনোৱা আন এক তথ্য মতে, এই ভূমিস্খলনত কেইবাখনো দোকান ধ্বংসমুখত পৰে । কালেকতং মহকুমাৰ অন্তৰ্গত অংকলিং নামৰ ঠাইত এখন টাটা মোবাইল বাহন আৰু ৫খন মটৰ চাইকেল উটুৱাই নিয়ে বুলি জানিব পৰা গৈছে । আনহাতে, আলিমোহ নামৰ ঠাইতো আন এক ভূমিস্খলনৰ ঘটনাত ৭ টা ঘৰ ধ্বংস হয় । তদুপৰি কালেকতং মহকুমাৰ বালিমূহ আৰু ভৈৰৱকুণ্ড পথৰ ভূমিস্খলন ফলত সংযোগ বিচ্ছিন্ন হৈ আছে ।

ভূমিস্খলন আৰু বৰষুণৰ বাবে উদ্ধাৰ কাৰ্য চলাব পৰা নাই প্ৰশাসনে । আনকি এন ডি আৰ এফৰ লোকে উদ্ধাৰ চলাবলৈ গৈ আধাতে থমকিবলগীয়া হৈছে । পথত হোৱা ভয়াৱহ ভূমিস্খলনৰ ফলত সংযোগ বিচ্ছিন্ন হোৱা বাবেই সময়মতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হ’ব পৰা নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Flood at Jania: বাঢ়নী পানীত পৰি 12 বছৰীয়া কিশোৰৰ অকাল মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.