চতিয়া, 22 ছেপ্তেম্বৰ : ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা৷ ইয়াৰ মাজতে 17 ছেপ্টেম্বৰৰ নিশা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছিল অঞ্চলটোৰ প্ৰথম গৰাকী ক’ভিড-19 আক্ৰান্ত মাধৱ গাঁৱৰ যুব ব্যৱসায়ী হিৰণ্য শইকীয়াৰ ৷ ক’ভিডত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা ব্যক্তি গৰাকীৰ পদুলিত মঙলবাৰে উপস্থিত হয় জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডাঃ হৰেন শইকীয়াৰ লগতে বিষয়া কৰ্মচাৰীসকল ৷ ইয়াৰ পাচতে চৰকাৰী নীতি নিয়মৰ মাজেদি পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰচলিত ৰীতি অনুসৰি ব্ৰত পালনৰ বাবে ফল-মূলৰ টোপোলা প্ৰদান কৰে স্বাস্থ্যকৰ্মীৰ দলটোৱে ৷
উল্লেখ্য যে, চৰকাৰী নিয়ম অনুসৰি কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ শোকসন্তপ্ত পৰিয়ালক সান্তনা দিবলৈ কোনো লোকেই প্ৰৱেশ কৰিব নোৱাৰে ৷ তেনে সময়য়তে প্ৰয়াত হিৰণ্য শইকীয়াৰ পৰিয়ালটোৰ কাষত উপস্থিত হৈ স্বাস্থ্যকৰ্মী সকলৰ গ্ৰহণ কৰা পদক্ষেপত পৰিয়ালটিয়ে কিছু মানসিক শক্তি লাভ কৰিছে বুলিয়েই অনুভৱ কৰিব পাৰি ৷
লগতে পঢ়কঃ সোণাই নৈত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ