তেজপুৰ, ২৮ জুলাই: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ(75th years of Independence of India) হোৱা উপলক্ষে 'আজাদী কা অমৃত উৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সংগতি ৰাখি দেশত চলি থকা 'হৰ-ঘৰ ত্ৰিৰংগা’ অভিযানে(Har Ghar Triranga Abhiyan) অসমতো এক গতি লাভ কৰিছে(Har Ghar Triranga Programme in Assam) । ১৩ৰ পৰা ১৫ আগষ্টলৈকে ঘৰে-ঘৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ লগতে এই অভিযানে দেশৰ স্বাধীনতা দিৱসৰ মৰ্ম উপলব্ধি কৰি দেশ মাতৃৰ সেৱাৰ মনোভাৱ জগাই তোলাৰ উদ্দেশ্যেৰেই চলোৱা হৈছে এই অভিযান ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তেজপুৰ শালনিবাৰীত সশস্ত্ৰ সীমা বলৰ তেজপুৰ শালনিবাৰীৰ প্ৰশিক্ষণ শিৱিৰৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা উপ-মহাপৰিদৰ্শক মনমোহন সিঙৰ নেতৃত্বত উলিওৱা হয় 'হৰ-ঘৰ ত্ৰিৰংগা’ অভিযানৰ সজাগতা সমদল । গাঁৱৰ ৰাইজৰ মাজত গৈ পতাকাৰ বিষয়ে অৱগত কৰাৰ লগতে সকলো লোককে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । আনহাতে সীমা বলৰ তৰফৰ পৰা ৰাইজক ত্ৰিৰংগা পতাকা যোগান ধৰাৰ হব বুলি ঘোষণা কৰে ।
লগতে পঢ়ক: Har Ghar Tiranga: কলিয়াবৰত একেদিনাই মুকলি দুটাকৈ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ