তেজপুৰ, ১৫ নৱেম্বৰ : প্ৰেম এক স্বৰ্গীয় অনুভৱ ! কাৰোবাৰ বাবে এই প্ৰেমেই হৈ পৰে নৱ জীৱনৰ আৰম্ভণি ৷ জন্মতে অকলশৰীয়া হৈ পৃথিৱীলৈ অহা মানুহক প্ৰেমে দিয়ে পূৰ্ণতা ৷ পিছে প্ৰেমৰ ধুনীয়া খিনিক লৈ গীতিকাৰে যিমান গীত ৰচনা নকৰক লাগিলে, কবি অথবা গল্পকাৰে যিমানেই গল্প-কবিতা নিলিখক লাগিলে প্ৰেমৰ সুনামতকৈ সমান অথবা বেছি বদনামেৰেও ৰচিত হৈছে সংগীত ৷
সেয়ে হয়তো, গীতৰ কথাতো স্থান পাইছে ফুল কুমলিয়া বয়সতে প্ৰেমত পৰাত থকা বাধাৰ প্ৰসংগ ৷ কিন্তু, এনে ফুল কুমলীয়া বয়সতে প্ৰেমত পৰা এগৰাকী ছাত্ৰীৰ বাবেই এতিয়া ৰাজ্যৰ এখন শিক্ষানুষ্ঠানত সৃষ্টি হৈছে অভাৱনীয় পৰিৱেশ ৷ ঐতিহ্যময় তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত সংঘটিত এই ঘটনাক লৈ চকু কপালত উঠিছে বিদ্যালয় কৰ্তৃপক্ষৰ ৷ অভিযোগ অনুসৰি, বিদ্যালয়খনৰে এগৰাকী স্কুল ইউনিফৰ্ম পৰিহিত ছাত্ৰীৰ লগত পদুম পুখুৰীৰ পাৰত চেল্ফি উঠি আছিল প্ৰেমিক দীপাংকৰ বৰুৱা নামৰ যুৱকজনে ।
এই দৃশ্য প্ৰত্যক্ষ কৰি কন্যা বিদ্যালয়খনৰ সাধাৰণ সম্পাদিকা সহ একাংশ ছাত্ৰীয়ে আপত্তি কৰে ৷ পিছে এইকথা সহজভাৱে নল’লে প্ৰেমিক দীপাংকৰে ৷ প্ৰেমিকাৰ বিৰুদ্ধাচৰণ কৰা প্ৰতিজনকে নিজৰ শতৰু হিচাপে জ্ঞান কৰা দীপাংকৰে ল’লে প্ৰতিশোধ ৷
খঙৰ ৰাগিত উন্মাদ হৈ পৰা যুৱকজনে আক্ৰমণ কৰে বিদ্যালয়খনৰ সাধাৰণ সম্পাদিকা সহ কেইবা গৰাকীও ছাত্ৰীক ৷ আনকি বিদ্যালয়ৰ ভিতৰতে শিক্ষককো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে যুৱকজনৰ বিৰুদ্ধে ৷ আনহাতে, গুৰুতৰভাৱে আহত দুগৰাকীকৈ ছাত্ৰীক তেজপুৰৰ কনকলতা চিভিল হস্পিতালত ভৰ্তি কৰোৱা হয় । ইতিমধ্যে, আৰক্ষীয়ে আটক কৰিছে উদণ্ড প্ৰেমিক দীপাংকৰক ।
লগতে পঢ়ক :তৃতীয়বাৰলৈ বিয়াত বহিল তাৰামিঞা : কোন শতৰুৰ জ্বলিছে হিয়া ?