ETV Bharat / state

গুৱাহাটীৰ পৰা পাছিঘাটলৈ বিমান খৰচ মাত্ৰ ১১৯৯ টকা - guwahati to pashighat by air

উদান আঁচনিৰ জৰিয়তে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ সদৰ পাছিঘাটৰ পৰা গুৱাহাটী আৰু কলকাতালৈ যাত্রীবাহী বিমানৰ সফল আৰম্ভণি হৈছে । মাত্ৰ ১,১৯৯ টকাত বিমান যোগে গুৱাহাটীৰ পৰা পাছিঘাটলৈ যাব পাৰিব এজন সাধাৰণ ব্যক্তিয়ে । আনহাতে পাছিঘাটৰ পৰা গুৱাহাটী হৈ কলকাতা লৈ যাব পাৰিব মাত্ৰ ২,৩৯৯ টকাত ।

FlyBig
গুৱাহাটীৰ পৰা পাছিঘাটলৈ বিমান খৰচ মাত্ৰ ১১৯৯ টকা
author img

By

Published : May 27, 2021, 9:02 PM IST

তেজপুৰ, ২৭ মে': কেন্দ্ৰীয় চৰকাৰৰ উদান আঁচনিৰ জৰিয়তে শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে । ফলস্বৰূপে এই আঁচনিৰ জৰিয়তে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ সদৰ পাছিঘাটৰ পৰা গুৱাহাটী আৰু কলকাতালৈ যাত্রীবাহী বিমানৰ সফল আৰম্ভণি হৈছে । মাত্ৰ ১,১৯৯ টকাত বিমান যোগে গুৱাহাটীৰ পৰা পাছিঘাটলৈ যাব পাৰিব এজন সাধাৰণ ব্যক্তিয়ে । আনহাতে পাছিঘাটৰ পৰা গুৱাহাটী হৈ কলকাতা লৈ যাব পাৰিব মাত্ৰ ২,৩৯৯ টকাত ।

FlyBig
গুৱাহাটীৰ পৰা পাছিঘাটলৈ বিমান খৰচ মাত্ৰ ১১৯৯ টকা

পাছিঘাটৰ বিমান বিভাগৰ বিষয়া গগম টাইয়ে কোৱা মতে বৰ্তমান প্ৰথম সপ্তাহত সোমবাৰ, মঙলবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে এই বিমান চলাচল আৰম্ভ কৰা হৈছে । গুৱাহাটীৰ পৰা মাত্ৰ ১ ঘণ্টা ২০ মিনিটত অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত পাছিঘাট উপস্থিত হ'ব পৰা এই বিমান ফ্লায়বিগ FlyBig বিমান সেৱাৰ ATR 72ৰ দ্বাৰা চলোৱা হৈছে ।

দেওবাৰে এই বিমান প্ৰথম বাৰৰ বাবে অৱতৰণ কৰিছিল আৰু সোমবাৰে বৈমানিকৰ প্ৰশিক্ষণ চলিছিল গুৱাহাটী, ডিব্ৰুগড় আৰু পাছিঘাটৰ মাজত আৰু মঙলবাৰে এগৰাকী যাত্রী লৈ পাছিঘাটৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰে । কিন্তু বুধবাৰে বিমান ১০ গৰাকী যাত্ৰী লৈ গুৱাহাটীত উপস্থিত হয় ।

বৰ্তমান কলকাতালৈ যাত্ৰা আৰম্ভ কৰা নাই যদিও ৰূপচি-গুৱাহাটীৰ মাজতে সীমাবদ্ধ আছে । আনহাতে ইণ্ডিয়ান এয়াৰ লাইনচৰ ATR 72 বৰ্তমানেও এই আঁচনিৰ জৰিয়তে চলি আছে কলকাতা, গুৱাহাটী, ৰূপচি,পাছিঘাট,তেজপুৰৰ মাজত ।

উল্লেখ্য যে পাছিঘাট যাত্ৰীবাহী টাৰ্মিনেল ভাৰতীয় বায়ুসেনাৰ উন্নত পৰ্যায়ৰ লেংডিঙৰ লগতে সংযুক্ত । কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আকাশ মাৰ্গৰ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰিব লাগিছিল কিন্ত বাস্তৱত এতিয়াও হৈ উঠা নাই ।

লগতে পঢ়ক:শৰাইঘাট দলঙত মৃতদেহ উদ্ধাৰৰ ঘটনাত তিনি অভিযুক্ত গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.