ETV Bharat / state

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ৰঙাপৰাৰ এটা পৰিয়াল! - Dholkoba tea garden

ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ধোলকোবা চাহ বাগিচাৰ ১২নং শ্ৰমিক লাইনৰ নিৱাসী লক্ষেশ্বৰ তাঁতীয়ে আজি পৰ্যন্ত লাভ কৰা নাই এটা চৰকাৰী বাসগৃহ ৷ এটা ভঙা জুপুৰিতেই অতি কষ্টৰে জীৱন অতিবাহিত কৰিছে লক্ষেশ্বৰ তাঁতীৰ সাত জনীয়া পৰিয়ালটোৱে ৷

Government Scheme have not touched poor family at Rangapara
চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ৰঙাপৰাৰ এটা পৰিয়াল!
author img

By

Published : Apr 28, 2020, 12:15 PM IST

ৰঙাপৰা,28 এপ্ৰিলঃ চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজালেও ৰাজ্যত একাংশ দৰিদ্ৰ লোকে এতিয়াও আদিম মানুহৰ দৰে উৰুখা পঁজাত পাৰ কৰিছে জীৱন ৷ নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা ৰজাঘৰীয়াৰ সকলো প্ৰতিশ্ৰুতিয়ে সময়ত পৰিণত হৈছে ফুটুকাৰ ফেনত ৷ ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ধোলকোবা চাহ বাগিচাৰ ১২নং শ্ৰমিক লাইনৰ নিৱাসী লক্ষেশ্বৰ তাঁতীয়ে আজি পৰ্যন্ত লাভ কৰা নাই এটা চৰকাৰী বাসগৃহ ৷ এটা ভঙা জুপুৰিতেই অতি কষ্টৰে জীৱন অতিবাহিত কৰিছে লক্ষেশ্বৰ তাঁতীৰ সাত জনীয়া পৰিয়ালটোৱে ৷

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ৰঙাপৰাৰ এটা পৰিয়াল!

আনহাতে,দুৰ্ভগীয়া পৰিয়ালটোত ভূতৰ ওপৰত দানহ পৰাদি পৰিছে বিদ্যুৎ বিভাগ। অসম শক্তি বিতৰণ কোম্পানী প্ৰাইভেট লিমিটেডৰ অধীনত ৰঙাপৰা উপ-সংমণ্ডল কাৰ্যালয়ে বিনামূলীয়াকৈ লক্ষেশ্বৰ তাঁতীৰ বাসগৃহত বিদ্যুৎ মিটাৰ সংযোগ কৰিছিল। আজিলৈকে বিদ্যুতৰ পোহৰৰ মুখ নেদেখা তাঁতীক বিভাগটোৱে প্ৰতি মাহে প্ৰেৰণ কৰি আহিছে বিদ্যুতৰ বিল ৷ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত এই দুৰ্ভগীয়া পৰিয়ালটোৰ ক্ষেত্ৰত স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰে কিছু সহায়ৰ হাত আগবঢ়োৱাৰ বাবে অহ্বান জনায় স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-যোৰহাটৰ ইন্টাৰনেট কেফেত ই-পাছৰ আবেদনকাৰীৰ ব্যাপক ভিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.