ETV Bharat / state

অজগৰ ধৰি নেগুৰেৰে কাণ খজুৱালে এইজন লোকে - মিছামাৰী সেনা ছাউনীত অজগৰ উদ্ধাৰ

শোণিতপুৰ জিলাৰ মিছামাৰীৰ ভাৰতীয় সেনা ছাউনীত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ ৷ উদ্ধাৰ হোৱা অজগৰডালৰ দৈৰ্ঘ প্ৰায় 8 ফুট আৰু ওজন প্ৰায় 20 কিলোগ্ৰাম ৷ অজগৰডাল ধৰি এক অদ্ভূত কাণ্ড সংঘটিত কৰে বনকৰ্মী গম্ভীৰ ডেকাই ৷

giant python found at Rangapara
অজগৰ ধৰি নেগুৰেৰে কাণ খজুৱালে এইজন লোকে
author img

By

Published : Dec 2, 2019, 3:07 PM IST

ৰঙাপৰা, 2 ডিচেম্বৰঃ বাঘৰ নেগুৰেৰে নহয়, অজগৰৰ নেগুৰেৰে কাণ খজুৱালে এজন লোকে ৷ শোণিতপুৰ জিলাৰ মিছামাৰীৰ ভাৰতীয় সেনা ছাউনীত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ ৷ সেনা জোৱান সকলে অজগৰডাল প্ৰত্যক্ষ কপৰি খবৰ দিয়ে গাভৰু খণ্ড বন বিষয়াৰ কাৰ্যালয়ত ৷ খবৰ পোৱা মাত্ৰেই বন কৰ্মীসকল সেনা ছাউনীত উপস্থিত হৈ উদ্ধাৰ কৰে অজগৰডাল ৷ উদ্ধাৰ হোৱা অজগৰডালৰ দৈৰ্ঘ প্ৰায় 8 ফুট আৰু ওজন প্ৰায় 20 কিলোগ্ৰাম ৷

অজগৰ ধৰি নেগুৰেৰে কাণ খজুৱালে গম্ভীৰ ডেকাই

আনহাতে, অজগৰডাল ধৰি এক অদ্ভূত কাণ্ড সংঘটিত কৰে বনকৰ্মী গম্ভীৰ ডেকাই ৷ এহাতে অজগৰডালৰ মূৰত ধৰি আনখন হাতেৰে অজগৰৰ নেগুৰ লৈ কাণ খজুৱালে বনকৰ্মীজনে ৷ তেখেতে কয়, যে, সাপৰ নেগুৰেৰে কাণ খজুৱালে বেমাৰ ভাল হয় বুলি সৰুতেই শুনা পাইছিল ককা-আইতাকৰ মুখত ৷ সেয়েহে এনেদৰে কাণ খজুৱালে লোকজনে ৷ বৰ্তমান অজগৰডাল সোণোই ৰূপাই অভয়াৰণ্যত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছে বনবিভাগে ৷

লগতে পঢ়ক- ধুবুৰী পৌৰসভাৰ বিৰুদ্ধে ধন লুণ্ঠনৰ অভিযোগ

Intro:মিছামাৰীত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ মিছামাৰীত আজি এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হয়। মিছামাৰীৰ ভাৰতীয় সেনা ছাউনীৰ ৫১০৪ নম্বৰত প্ৰকাণ্ড অজগৰ সাপডাল বিচৰণ কৰি থকা সেনা জোৱানসকলে প্ৰত্যক্ষ কৰে। পাছত ঘটনাৰ সন্দৰ্ভত সেনাৰ জোৱানসকলে গাভৰু খণ্ড বিষয়া কাৰ্যালয়ত খবৰ দিয়াত বনকৰ্মীসকল ঘটনাস্থলীত উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি সোনাই-ৰূপাই অভয়াৰণ্যত এৰি দিয়ে। সাপডালৰ দৈৰ্ঘ্য প্ৰায় ৭-৮ ফুট আৰু ওজন প্ৰায় ২০-২৫ কিলোগ্ৰাম ওজন হব। ইফালে, এগৰাকী বনকৰ্মীৰ অদ্ভুত কাণ্ড দেখিবলৈ পোৱা গল। গাভৰু খণ্ড বন কাৰ্যালয়ত কৰ্মৰত বনৰক্ষী গম্ভীৰ ডেকাই অজগৰৰ নেজ ডালৰে কাণ খুজুৱাই। সাপৰ নেজৰে কাণ খুজৱালে কাণৰ বেমাৰ ভাল হয় বুলি ককা-আইতাৰ মুখত শুনিছিল আৰু সেই বিশ্বাস অনুসৰি তেনে কাৰ্য কৰা বুলি ডেকাই সদৰী কৰে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.