ETV Bharat / state

General Raana Pratap Kalita in Itanagar: ইটানগৰত উপস্থিত জেনেৰেল ৰানা প্ৰতাপ কলিতা

দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে বিয়লি ইটানগৰত উপস্থিত হয় ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী জেনেৰেল ৰানা প্ৰতাপ কলিতা (General Raana Pratap Kalita in Itanagar)৷ লগতে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়েৰ (অৱসৰপ্ৰাপ্ত)ড৹ বি ডি মিশ্ৰক ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী ৰানা প্ৰতাপ কলিতাই সাক্ষাৎ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে ।

General Raana Pratap Kalita in Itanagar
দুদিনীয়া ভ্ৰমণসূচীৰে ইটানগৰত উপস্থিত জেনেৰেল ৰানা প্ৰতাপ কলিতা
author img

By

Published : Aug 2, 2022, 9:14 PM IST

তেজপুৰ, ২ আগষ্ট : মঙলবাৰে বিয়লি ইটানগৰৰ ৰাজভৱনত উপস্থিত হয় ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী জেনেৰেল ৰানা প্ৰতাপ কলিতা (General Raana Pratap Kalita in Itanagar) ৷ অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়েৰ (অৱসৰপ্ৰাপ্ত)ড৹ বি ডি মিশ্ৰক সাক্ষাৎ কৰাৰ উদ্দেশ্যে ইটানগৰৰ ৰাজভৱন উপস্থিত হয় ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বীগৰাকী ৷

দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে বিয়লি তেজপুৰ বায়ুসেনাৰ ঘাটিৰ পৰা ইটানগৰত উপস্থিত হোৱা ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী জেনেৰেল কলিতাই ৰাজ্যপালগৰাকীৰ সৈতে পাহাৰীয়া ৰাজ্যখনৰ ৰাষ্ট্ৰীয় খণ্ডতা, সীমান্তৱৰ্তী পথ নিৰ্মাণ আৰু অগ্নিপথ আচঁনিৰ জৰিয়তে পাহাৰীয়া ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ মকৰলৰ সম্বন্ধে আলোচনা কৰা হয় ।

এই কথা সদৰী কৰে প্ৰতিৰক্ষা বিভাগৰ তেজপুৰস্থিত মুখপাত্ৰ লে. কৰ্ণেল অমৰেণ্ডৰ সিং ৱালিয়াই ৷

লগতে তেওঁ ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ মাজত সেনাৰ মকৰলৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে আহ্বান জনায় । আনকি ৰাজ্যাপাল মিশ্ৰই জেনেৰেল কলিতাক উত্তৰ পূৰ্বাঞ্চলৰ লগতে অৰুণাচল প্ৰদেশৰ লোকক সেনাত মকৰলৰ বাবে লোৱা প্ৰচেষ্টাক প্ৰশংসা কৰে (Arunachal Pradesh governor praises Indian Army) । আনহাতে ৰাজ্যপাল মিশ্ৰই সীমান্ত অঞ্চলত জনসাধাৰণৰ মাজত শক্তিশালী স্থিতি গ্ৰহণ কৰাৰ লগতে সীমান্তৰ অতি স্পৰ্শকাতৰ অঞ্চলত সুৰক্ষা প্ৰদান কৰাৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক : PM Modi changes his DP: প্ৰধানমন্ত্ৰীয়ে সলনি কৰিলে ছ’চিয়েল মিডিয়া একাউণ্টৰ ডিছপ্লে ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.