ETV Bharat / state

Russia Ukraine War : অসমত উপস্থিত হোৱা বিদেশী যুৱক-যুৱতীৰ মুখত ইউক্ৰেইন-ৰাছিয়াৰ প্ৰসংগ - ইউক্ৰেইন ৰাছিয়া যুদ্ধ

যুদ্ধই সমস্যাৰ সমাধান কৰিব নোৱাৰে ৷ ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ ফলত স্পেইনৰ যথেষ্ট ক্ষতি হৈছে ৷ দুয়োখন দেশৰ ৰাষ্ট্ৰপতি আলোচনাত বহিব লাগে ৷ অসমত উপস্থিত হৈ নতুন প্ৰজন্মৰ তিনিগৰাকী বিদেশী যুৱক-যুৱতীয়ে এইদৰে কৰিলে মন্তব্য (Foreign youth visit Assam)৷

Rotary International Youth Exchange
অসমত উপস্থিত হোৱা বিদেশী যুৱক-যুৱতীৰ মুখত ইউক্ৰেইন-ৰাছিয়াৰ প্ৰসংগ
author img

By

Published : Oct 13, 2022, 7:14 PM IST

তেজপুৰ, ১৩ অক্টোবৰ: যুদ্ধ কেতিয়াও কাম্য নহয় । যুদ্ধই কেতিয়াও সমস্যাৰ সমাধান কৰিব নোৱাৰে ৷ বৰ্তমান সময়ত ইউৰোপৰ দুখন দেশ ৰাছিয়া আৰু ইউক্ৰেনৰ মাজত চলি থকা যুদ্ধৰ বাবে দুয়োখন দেশৰ ৰাষ্ট্ৰপতিক আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনাই তেজপুৰৰ মহাভৈৰব মন্দিৰত এই মন্তব্য পেদ্ৰ’ নামৰ এজন স্পেনিছ যুৱকৰ ।

অসমত উপস্থিত হোৱা বিদেশী যুৱক-যুৱতীৰ মুখত ইউক্ৰেইন-ৰাছিয়াৰ প্ৰসংগ

স্পেনিছ যুৱকজনে কয় যে ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ(Russia Ukraine War) ফলত স্পেইনৰ যথেষ্ট ক্ষতি হৈছে ৷ ৰাছিয়াই গেছ বন্ধ কৰি দিয়াৰ ফলত ইউৰোপৰ দেশখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । তেওঁ লগতে কয়, ‘‘মই এই বিষয়ে বিশেষ একো নাজানোঁ, কাৰণ মই এতিয়াও অধ্যয়ন কৰি আছো ৷ কিন্তু এই যুদ্ধই সকলোকে ক্ষতি কৰিছে, আমি শান্তি বিচাৰোঁ আৰু সেই কাৰণে দুয়োখন দেশৰ ৰাষ্ট্ৰপতি আলোচনাত বহিব লাগে’’৷

আনহাতে জাপানৰ ইৰ’হা(Iroha) নামৰ এগৰাকী যুৱতীয়ে কয়, ‘‘মই প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছো আৰু ইয়াত ইজনে সিজনৰ লগত সম্পৰ্কৰ সমিলমিল দেখি আপ্লুত হৈছোঁ’’৷ যুদ্ধ কোনো সমস্যাৰ সমাধান হ’ব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে ।

আনহাতে ব্ৰাজিলৰ যুৱতী জুলিয়াই(Juliya)ই অসমৰ সংস্কৃতি দেখি অভিভূত হৈ পৰা বুলি মন্তব্য কৰে । বৃহস্পতিবাৰে তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ পৰিদৰ্শন কৰি তেওঁ কয় ভাৰতবৰ্ষ সংস্কৃতিৰ ক্ষেত্ৰত বহু চহকী আৰু সমৃদ্ধিশালী দেশ । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন ঐক্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট উন্নত । বৃহত্তৰ ৰ'টাৰী ইন্টাৰনেশ্বনেল যুৱ সমন্বয়ৰ (Rotary International Youth Exchange)অধীনত অসমত প্ৰৱেশ কৰি গুৱাহাটী ,মাজুলী, তেজপুৰ আৰু মেঘালয় ভ্ৰমণ কৰি বিভিন্ন ঐতিহাসিক ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে (Foreign youth visit Assam)।

উল্লেখ্য যে, ছখন দেশৰ ভিতৰত ফ্ৰাঞ্চ, জাৰ্মানী, ইটালী, জাপান, স্পেইন আৰু ব্ৰাজিলৰ মুঠ ১২ গৰাকী যুৱক-যুৱতীয়ে এই ভ্ৰমণত অংশগ্ৰহণ কৰে । বৃহস্পতিবাৰে মাজুলীৰ পৰা আহি তেজপুৰত উপস্থিত হৈ প্ৰথমে মহাভৈৰৱ মন্দিৰত পূজা অৰ্চনা কৰে । ৰ'টাৰী ইণ্টাৰনেশ্বনেলৰ পুনেৰ সঞ্চালক ছ’ভানহৰ(Shobhanahar) ৰ নেতৃত্বত অহা এই দলটোৱে বৃহস্পতিবাৰে তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰৰ চিত্ৰলেখা উদ্যান আৰু ঐতিহাসিক দ-পৰ্বতীয়া তোৰণ পৰিদৰ্শন কৰে ।

লগতে পঢ়ক: Kyiv area hit by Iranian kamikaze drones: ইউক্ৰেইনৰ ৰাজধানীত ইৰাণী কামিকাজে ড্ৰোনৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.