ETV Bharat / state

উন্নয়নৰ মুখ নেদেখা এখন গাঁও ! - fopola development in dhekiyajuli etv bharat news

ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উন্মোচিত ৷ মিছামাৰীত লোহাৰ জইচ আৰু বাঁহৰ দলঙৰ ওপৰেদি বিপদ সংকুল যাত্ৰা অঞ্চলবাসীৰ ৷ চকু মুদা কুলিৰ ৰূপত বিধায়ক অশোক সিংহল ৷

উন্নয়নৰ মুখ নেদেখা এখন গাঁও !
উন্নয়নৰ মুখ নেদেখা এখন গাঁও !
author img

By

Published : Feb 28, 2021, 8:52 AM IST

ৰঙাপৰা,28 ফেব্ৰুৱাৰী: ঢেকীয়াজুলি বিধানসভা সমষ্টিত নাই উন্নয়নৰ কোনো চানেকি ৷ উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ দিনতেই উন্নয়নৰ ফোঁপোলা ছবি দেখিবলৈ পোৱা গৈছে ঢেকীয়াজুলি বিধানসভা সমষ্টিত ৷ সমষ্টিটোত বিগত প্ৰায় পাঁচ বছৰে দেখা নাই উন্নয়নৰ মুখ ৷ বিধায়ক অশোক সিংহলৰ ঢেকীয়াজুলি সমষ্টিত ৰাস্তা-ঘাটৰ অৱস্থা তেনেই তথৈবচ ৷ সমষ্টিটোত নাই এখনো পকী দলং ৷ বিধায়ক অশোক সিংহলৰ সমষ্টিত বিশেষকৈ মিছামাৰীৰ বাঁহবেৰা গাঁও পঞ্চায়ত এলেকাৰ এৰাবাৰী, লোহাদাং গাঁৱৰ ৰাইজে লোহাৰ জইচ আৰু বাঁহৰ সাঁকোৰ ওপৰেদি বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে ৷

উন্নয়নৰ মুখ নেদেখা এখন গাঁও !

বছৰৰ পিছত বছৰ ধৰি মিছামাৰীৰ বাঁহবেৰা-বেলশিৰি লোক নিৰ্মাণ বিভাগৰ পথচোৱাৰ সৈতে সংযোগ থকা এৰাবাৰী-লোহাদাং গাঁৱৰ পথটিৰে স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমানেও লোহাৰ জইচ আৰু বাঁহৰ সাঁকোৰ ওপৰেদি যাতায়াত কৰিবলগীয়াত পৰিছে ৷ আনকি বিপদৰ সময়ত জৰুৰীকালীন এম্বুলেঞ্চো পাৰ হ’ব নোৱাৰে এই বিধ্বস্ত পথচোৱাৰে ৷ ইফালে স্থানীয় বিধায়কগৰাকীৰো আহৰি নাই ৰাইজৰ খবৰ ল’বলৈ ৷ যাৰ বাবে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷

উন্নয়নৰ মুখ নেদেখা এখন গাঁও !
উন্নয়নৰ মুখ নেদেখা এখন গাঁও !

পৰিৱৰ্তন আৰু উন্নয়নৰ শ্ল’গান দি শাসনৰ গাদীত বহা বিজেপি চৰকাৰখনে বিগত পাঁচ বছৰে এৰাবাৰী, লোহাদাঙবাসী ৰাইজক চৰম প্ৰতাৰণাৰ বাদে একোৱে নিদিলে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ দিনটোৰ বিশেষ ৰাজনৈতিক খবৰ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.