ETV Bharat / state

বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ’লেও শোণিতপুৰত এতিয়াও পানীৰ তলত বহু অঞ্চল - Flood in Assam

উন্নত হৈছে শোণিতপুৰৰ বান পৰিস্থিতি (Flood situation in Sonitpur gradually improves) ৷ জিলাখনৰ বিহগুৰি, বেচেৰীয়া, গণক চুবুৰী, পিঠাখোৱা, মোৱামাৰীকে ধৰি বিস্তৃত অঞ্চল এতিয়াও আছে পানীৰ তলত ৷ বানৰ বাবে নাটনি হৈছে খাদ্য সামগ্ৰীৰ ৷ কেৱল সাধাৰণ লোকৰে নহয়, পশুধনসমূহৰো খাদ্য সংকটৰ সৃষ্টি হৈছে ৷

flood-situation-in-sonitpur-gradually-improves
শোণিতপুৰৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত
author img

By

Published : May 18, 2022, 10:36 AM IST

তেজপুৰ, 18 মে’ : ক্ৰমাৎ উন্নত হৈছে শোণিতপুৰৰ বান পৰিস্থিতি(Flood situation in Sonitpur gradually improves) ৷ যোৱা দুদিন ধৰি তেজপুৰৰ ডিপোতা নদীৰ বাঢ়নী পানীয়ে বাঁহবাৰী পঞ্চায়তৰ কেইবাখনো গাঁও প্লাৱিত কৰে ৷ পঞ্চায়তখনৰ অধীনষ্ঠ এটা পথৰো কিছু অংশ বানে বিধ্বস্ত কৰে ৷ জিলাখনৰ বিহগুৰি, বেচেৰীয়া, গণক চুবুৰী, পিঠাখোৱা, মোৱামাৰীকে ধৰি বিস্তৃত অঞ্চল এতিয়াও আছে পানীৰ তলত ৷

flood-situation-in-sonitpur-gradually-improves
শোণিতপুৰৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত

জিলাখনৰ পাঁচটা ৰাজহ চক্ৰৰ বানৰ কৱলত পৰা গাঁওসমূহৰ পৰা পানী ক্ৰমান্বয়ে কমি অহা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে (Flood in Assam)৷ চাৰিদুৱাৰ, ঢেকীয়াজুলি, নদুৱাৰ, তেজপুৰ আৰু ঠেলামৰাত মুঠ ৬৩ খন গাঁৱৰ ৯,৭১৬ টা পৰিয়াল বানৰ কৱলত পৰিছে ৷ এই বানত বিনষ্ট হৈছে মুঠ ৯০১.০০ হেক্টৰ কৃষি ভূমি ৷ পাঁচটা ৰাজহ চক্ৰৰ ভিতৰত চাৰিদুৱাৰত ১৫ খন, ঢেকীয়াজুলিত ১২ খন, নদুৱাৰত ২ খন, তেজপুৰত ১৫ খন আৰু ঠেলামৰাত ১৯ খন গাঁও জলমগ্ন হোৱাৰ কথা জানিবলৈ পৰা গৈছে ৷ এই সময়চোৱাত ২,৩২১ টাকৈ জীৱ-জন্তুৰ আলৈ-আথানি হোৱা বুলি তথ্য লাভ কৰা হৈছে ৷

খোৱাপানীৰ বাবে বন্যাৰ্তৰ হাহাকাৰ

লগতে চাওক: Flood in Assam : প্ৰলয়ংকৰী বানত প্লাৱিত ৰাজ্যৰ 20 খন জিলাৰ ভিন্ন অঞ্চল

বানৰ বাবে নাটনি হৈছে খাদ্য সামগ্ৰীৰ ৷ কেৱল সাধাৰণ লোকৰে নহয়, পশুধনসমূহৰো খাদ্য সংকটৰ সৃষ্টি হৈছে ৷ জিলা প্ৰশাসনে মঙলবাৰে বিয়লিলৈকে বন্যাৰ্তৰ মাজত ৮৩.০১ কুইণ্টল চাউল আৰু ১৫.৪৭ কুইণ্টল দাইল বিতৰণ কৰিছে (Assam flood update 2022)৷

মন কৰিবলগীয়া যে, বানৰ কৱলত পৰা এই গাঁৱসমূহত খোৱাপানীৰ অভাৱে দেখা দিছে ৷ জিলাখনৰ জৰাশৰ নৈৰ বাঢ়নী পানীয়ে বালিপৰাৰ এখন দলং উটুৱাই নিয়ে ৷ তদুপৰি জৰাশৰ নৈ আৰু ডিপোতা নৈৰ বানে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বুৰাই পেলোৱাৰ লগতে প্লাৱিত কৰিছে ১৫ খনকৈ গাঁও ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ২০ মে’ লৈকে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ক্ৰমে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰত বৰষুণ অব্যাহত থকাৰ কথা জানিব পৰা গৈছে ৷

বানৰ বাবে নাটনি হৈছে খাদ্য সামগ্ৰীৰ

লগতে চাওক: শোণিতপুৰত বন্যাৰ্তৰ হাহাকাৰ: বানে লৈছে সংহাৰী ৰূপ

উল্লেখ্য যে, শোণিতপুৰ জিলাৰ তেজপুৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ গণেশঘাটত বিপদসীমাৰ 65.23 ছেণ্টিমিটাৰৰ বিপৰীতে 63.70 ছেণ্টিমিটাৰ, জীয়াভৰলী নদীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগত বিপদসীমাৰ 73.50 ছেণ্টিমিটাৰৰ বিপৰীতে 71.68 ছেণ্টিমিটাৰ ওপৰেৰে বৈ আছে ৷

আনহাতে, ডিপোতা নদী বিপদসীমাৰ 65.41 ছেণ্টিমিটাৰৰ পৰিৱৰ্তে 63.16 ছেণ্টিমিটাৰ ওপৰেৰে বৈছে আৰু ব্ৰহ্মপুত্ৰ গহপুৰৰ লোহিতমুখত বিপদসীমাৰ 78.78 ছেণ্টিমিটাৰৰ পৰিৱৰ্তে 78.34 ছেণ্টিমিটাৰ ওপৰেৰে বৈছে ৷ যোৱা ২৪ ঘণ্টাত তেজপুৰত হোৱা বৰষুণৰ পৰিমাণ আছিল 47.90 মিলিমিটাৰ ৷ স্থানীয় জলসম্পদ বিভাগে জাৰি কৰা জাননীত প্ৰকাশ পাইছে এই তথ্য ৷

লগতে চাওক: আজিৰে পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.