কলিয়াবৰ, 14 ফেব্ৰুৱাৰীঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ বিভিন্ন স্থানত ১০ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰী লৈকে বন্ধন বেংকে আৰম্ভ কৰিছে বিত্তীয় স্বাক্ষৰতা শিবিৰ। বিত্তীয় স্বাক্ষৰতা শিবিৰৰ লগত সংগতি ৰাখি বন্ধন বেংক আমবাগান শাখাৰ পৰিচালক ত্ৰলৈক্য বৰ্মনৰ প্ৰচেষ্টাত শুকুৰবাৰে এখনি সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত আমবাগান শাখাৰ প্ৰায় এক শতাধিক হিতাধিকাৰী উপস্থিত থকাৰ লগতে আমনি বন্ধন বেংকৰ পৰিচালক কৰুণ চৰকাৰ,আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুৰু প্ৰসাদ তালুকদাৰৰ লগতে ভালেকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷ এই সভাতেই হিতাধিকাৰী সকলে বেংকত সুৰক্ষিত ভাৱে টকা জমা কৰি কি দৰে লাভন্বিত হ’ব পাৰি তাৰ উপৰিও বেংকৰ পৰা হিতাধিকাৰী সকলে কেনেদৰে বিভিন্নধৰণৰ সুবিধা সমূহ গ্ৰহণ কৰিব পাৰি তাৰ ওপৰটো আলোচনা কৰা হয় ৷
টীয়কঃ সমগ্ৰ দেশৰ লগতে টীয়কৰ জগদুৱাৰস্থিত বন্ধন বেংকৰ শাখা আৰু জাঁজী জামুগুৰিহাট শাখাৰ উদ্যোগত বিত্তীয় স্বাক্ষৰতা শিবিৰ আয়োজন কৰা হয় ৷ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ জনসাধাৰণে বেংক ব্যৱস্থাৰ ওপৰত সম্যক জ্ঞান নথকাৰ বাবে বিভিন্ন সময়ত টকা জমা বা ঋণ লোৱাত অসুবিধাৰ সন্মুখীন হয়। তদুপৰি গ্ৰাম্যাঞ্চলৰ জনসাধাৰণক কি দৰে বেংকমুখী কৰাব পৰা যায় তাৰ ওপৰত বেংকৰ বিষয়ববীয়া সকলে সজাগতা সৃষ্টি কৰি মন্তব্য আগবঢ়ায় ৷ প্ৰায় দুই শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা এই সভাখনত অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰমোদ দুৱৰা,প্ৰাক্তন প্ৰধান শিক্ষক জীৱেশ্বৰ শইকীয়া, জগদুৱাৰ বন্ধন বেংকৰ শাখা পৰিচালক মিথুন বৰুৱা,গোলাঘাট ডিভিছনৰ এ.ডি.ম মিন্টু ৰাজবংশী,জামুগুৰিহাট শাখাৰ এৰিয়া মেনেজাৰ দিব্যজ্যোতি দাস,টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা নিৰ্মলেন্দু পাঠক,হাঁহচৰা প্ৰেছ ক্লাৱৰ ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য প্ৰমুখ্যে অঞ্চলটোৰ ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
তেজপুৰঃ কলিয়াবৰ আৰু টীয়কৰ সমান্তৰালকৈ শোণিতপুৰ জিলাতো বন্ধন বেংকৰ পিঠাখোৱা ডি এচ ই শাখাৰ উদ্যোগত আৰু তেজপুৰ বেংক শাখাৰ তত্বাৱধানত পিঠাখোৱাৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা প্ৰেক্ষাগৃহত বিত্তীয় সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ অৱসৰপ্ৰাপ্ত বিশিষ্ট শিক্ষক বিদ্যা বৰাদেৱে সভাপতিত্ত্ব কৰা উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিহগুৰি খণ্ড উন্নয়ন বিষয়া ওৱাচং ৰংহাং, বৰগাঁও জিলা পৰিষদৰ সদস্যা ঋতুমণি নাথ,পুঠীমাৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্বেশ্বৰ কোচৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি ৷ বন্ধন বেংকৰ তেজপুৰ আঞ্চলিক ব্যৱস্থাপক দ্বিপেন কলিতাই আঁত ধৰা এই সভাত বন্বন বেঙ্কৰ হৈ বক্তব্য ৰাখে তেজপুৰ শাখাৰ শাখা পৰিচালক সত্যৰঞ্জন কলিতা আৰু চাৰ্কল টিম মেম্বাৰ কংকণ মজুমদাৰ দেৱে ৷
লগতে পঢ়ক-ধুলিয়ৰি বাটেৰে আহিছে উতনুৱা ফাগুন...