ৰঙাপৰা,28মে': অৱশেষত বৰষুণে ৰঙাপৰাত কৃষক ৰাইজৰ মুখলৈ আনিছে হাঁহি৷ কাৰণ পথাৰত এতিয়া খেতিৰ বাবে ভৰপূৰ হৈ পৰিছে পানী ৷ কৰ'ণা ভাইৰাছে মানৱ জাতিলৈ দুৰ্যোগ নমাই অনাৰ সময়তে ৰাজ্যৰ একাংশ ঠাইত বৰষুণ নোহোৱাৰ ফলত পথাৰত কঠীয়া সিঁচিব নোৱাৰি সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতিৰ ৷ শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙাপৰা, মিছামাৰী, বালিপৰা, চাৰিদুৱাৰ আদি ঠাইত বিগত কেইবাদিনো ধৰি হোৱা মুষলধাৰ বৰষুণে কৃষিভূমি পানীৰে ওপচাই পেলোৱাৰ বাবে কৃষকৰ মুখত হাঁহি বিৰিঙি উঠিছে । জিলাখনৰ ৰঙাপৰাত টেক্টৰ-গৰুৱে দি হাল বাই কঠীয়া সিঁচাৰ বাবে তৎপৰ হৈ পৰা দেখা গ'ল কৃষকক ৷ ইপিনে চৰকাৰৰ পৰা কৃষি-কৰ্মৰ বাবে কোনোধৰণৰ সহায় নোপোৱাৰ অভিযোগ একাংশ কৃষকৰ ৷
উল্লেখযোগ্য যে, লক ডাউন প্ৰক্ৰিয়া চৰকাৰখনে কিছু শিথিলতা কৰাৰ পিচত কৃষক ৰাইজে কৃষিকৰ্ম কৰিবলৈ পথাৰত নামিছিল যদিও পানীৰ অভাৱৰ বাবে থমকি ৰ'বলগীয়া হৈছিল ৷গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ ফলত পূৰ্বতকৈ বৰষুণ ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ ফলত অধিকাংশ কৃষকে যথা সময়ত কঠিয়া সিঁচিব পৰা নাছিল।