ETV Bharat / state

money seized from fake DC : তেজপুৰত গ্ৰেপ্তাৰ হোৱা ভুৱা উপায়ুক্তই চাকৰি দিয়াৰ প্ৰলোভনৰে সংগ্ৰহ কৰিছিল বৃহৎ পৰিমাণৰ ধন - তেজপুৰ সদৰ আৰক্ষী

তেজপুৰৰ ভুৱা উপায়ুক্তৰ দলৰ পৰা 1,79,500 টকা উদ্ধাৰ ৷ তেজপুৰ সদৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য ৷

Large amount of money seized from fake DC in Tezpur
ভুৱা উপায়ুক্তই চাকৰিৰ প্ৰলোভনৰে সংগ্ৰহ কৰিছিল ধন
author img

By

Published : Jun 27, 2023, 1:58 PM IST

ভুৱা উপায়ুক্তই চাকৰিৰ প্ৰলোভনৰে সংগ্ৰহ কৰিছিল ধন

তেজপুৰ, 27 জুন : তেজপুৰত ভুৱা উপায়ুক্তৰ অংকুৰ শইকীয়াৰ কাহিনীৰ নতুন নতুন মোৰ ৷ দেহৰক্ষীসহ তিনিখন বিলাসী বাহনৰে বুধবাৰৰ পৰা এসপ্তাহ তেজপুৰৰ লগতে উপকণ্ঠ অঞ্চলত অংকুৰ শইকীয়া (29) নামৰ গোলাঘাটৰ যুৱকজনে তিনিজনীয়া দেহৰক্ষীসহ দহজন লোকক লৈ নিজকে শোণিতপুৰ জিলাৰ নতুন উপায়ুক্ত হিচাবে পৰিচয় দি অহাৰ সময়তে অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে তেজপুৰ মাজমজিয়াৰ পৰা আটক কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে ইতিমধ্যেই প্ৰৱঞ্চক দলটোৰ পৰা নগদ 1,79,500 টকা উদ্ধাৰ কৰে । আনহাতে মঙলবাৰে বিদ্যুৎ কলিতা নামৰ এজন লোকে তেজপুৰ সদৰ আৰক্ষীত এই বিষয়ে এক গোচৰ ৰুজু কৰিছে ।

উল্লেখযোগ্য যে বিহগুড়ি অঞ্চলৰ পৰা এই ভুৱা উপায়ুক্তৰ দলে অসম সচিবালয়ত নিযুক্তি দিয়াৰ নামত মোহন কলিতা নামৰ এজন ব্যক্তিৰ পৰা 2 লাখ 30 হাজাৰ টকা, ধৰিত্ৰী সূত নামৰ এগৰাকীৰ পৰা 1 লাখ 40 হাজাৰ টকা, বিদ্যুৎ কলিতাৰ পৰা 4 লাখ 80 হাজাৰ তেওঁৰ পুত্ৰ-কন্যাক সচিবালয়ত চাকৰি দিয়াৰ প্ৰলোভনৰে সংগ্ৰহ কৰিছিল ৷ অৱশ্যে শোণিতপুৰ জিলা আৰক্ষীয়ে এই সমগ্ৰ বিষয় সন্দৰ্ভত কোনো মন্তব্য প্ৰদান নকৰাত আন এক ৰহস্যৰ সৃষ্টি হৈছে ৷

আনহাতে বৰ্তমান তেজপুৰ সদৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে 10 জনীয়া প্ৰৱঞ্চকৰ দলটোক নিজৰ জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে ৷ ভুৱা উপায়ুক্ত অংকুৰ শইকীয়াৰ গোলাঘাটৰ পাঁচ আলিৰ বুলি জানিব পৰা গৈছে ৷ দলটোত আছে বিশাল হাজৰিকা (জামুগুৰি) , বিকি হাজৰিকা (জামুগুৰি) , সোনটি হাজৰিকা (জামুগুৰি) , অচিন্ত দাস( নগাঁও) , নিতুমণি দাস (গুৱাহাটী) , অজিত দাস ( নগাঁও) , কৌশিক কলিতা (গেৰুৱা) , হিমাল ভৰালী (কামৰূপ) আৰু ৰিংকু কলিতা (হাজো) ৷

লগতে পঢ়ক : Fake DC Arrested: তেজপুৰ আৰক্ষীৰ জালত Duplicate DC

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.