তেজপুৰ, 18 ছেপ্টেম্বৰ: আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ(Indo Tibetan Border Police) ৭৫ দিনীয়া লং ৰেঞ্জ পেট্ৰলিং ফ্লেগৰ(ITBP relay long range patrol)দল শনিবাৰে আহি তেজপুৰ চেক্টৰৰ মুখ্যালয়ত উপস্থিত হয় । বিপুল সমাদৰৰে বাহিনীৰ জোৱান আৰু বিষয়া সকলে চেক্টৰ মুখ্যালয়ত আদৰণি জনাই দলটোক ৷
ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ মুখ্যালয়ৰ(ITBP Sector Head Quarter Tezpur) উপ-মহা পৰিদৰ্শক জি চি পুৰোহিতৰ নেতৃত্বত কামাণ্ডাৰ ঝা, কামাণ্ডাৰ দীপক পাণ্ডেৰ উপস্থিতিত এক বৈঠকত জোৱানসকলৰ মাজত ফ্লেগ প্ৰদৰ্শন কৰা হয় ৷ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে লাডাখৰ কাৰামুৰাম পাছৰ পৰা আৰম্ভ কৰা ভাৰত-চীন সীমান্তৰ মুঠ 7,575 কিলোমিটাৰ দীঘলীয়া এই পেট্ৰলিং একমাত্ৰ ভাৰত-চীন সীমান্তৰ ৰাজ্যসমূহত ৭৫ দিনীয়া যাত্ৰাৰ লক্ষ্যৰে আৰম্ভ কৰি অৰুণাচল প্ৰদেশৰ সীমান্ত জেচেপ-লাত অহা ১৪ অক্টোবৰত সামৰণি পৰিব ।
সীমান্তৰ পহৰাৰ দিশ টনকিয়াল কৰি ৰখা এই আই টি বি পি ৰ দলে লাডাখৰ পৰা লাহাউল অতিক্ৰম কৰি হিমাচল প্ৰদেশৰ সীমান্তৰে উত্তৰাখণ্ড, ছিক্কিম হৈ অসমত প্ৰৱেশ কৰি অৰুণাচল প্ৰদেশৰ সীমান্তলৈ যাত্ৰা কৰিব ।
এই লং ৰেঞ্জ পেট্ৰলৰ (Long Range Patrol LRP) দায়িত্বত থকা তেজপুৰ চেক্টৰৰ মুখ্যালয়ৰ উপ-মহাপৰিদৰ্শক জি চি পুৰোহিতে(ITBP DIG Girish Chandra Purohit) ছিক্কিমৰ পৰা দলটোৰ নেতৃত্ব লয় আৰু শনিবাৰে তেজপুৰত উপস্থিত হৈ অৰুণাচল প্ৰদেশৰ জেচেপ-লালৈ যাত্ৰা কৰে ।
উল্লেখ্য যে, ভাৰত চীন সীমান্তত লাডাখৰ পৰা অৰুণাচল প্ৰদেশৰ সীমান্তলৈ মুঠ 3,488 কিলোমিটাৰ সীমা ইণ্ডো তিব্বতীয় সীমান্ত আৰক্ষীয়ে আগুৰি আছে ৷ উক্ত ৰেলীৰ উদ্দেশ্য হৈছে ভাৰত-চীন সীমান্তৰ সুৰক্ষাৰ দিশ পৰ্যবেক্ষণ কৰা ।
ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা আই টি বি পিৰ উপ-মহা পৰিদৰ্শক জি চি পুৰোহিতৰ (Exclusive interview with ITBP DIG Girish Chandra Purohit ) এক আছুতীয়া সাক্ষাৎকাৰ ৷
লগতে পঢ়ক: ITBPৰ ভাৰত-চীন সীমান্ত পৰ্যবেক্ষণৰ দল তেজপুৰত উপস্থিত