তেজপুৰ,21 অক্টোবৰ: অৱশেষত বৰছলা সমষ্টিৰ ভৰাশিঙৰীত শোণিতপুৰ জিলা প্ৰশাসনে বুধবাৰে চলালে উচ্ছেদ অভিযান ৷ বিগত 5 আগষ্টত শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ গৰুডুবাৰ ভৰাশিঙৰীত বজৰং দল আৰু একাংশ ধৰ্মীয় সংখ্যালঘু লোকৰ মাজত হোৱা সংঘাতৰ ফলত বহুকেইখন বাহন ভস্মীভূত কৰিছিল দুৰ্বৃত্তই ৷
![Eviction in barsala of sonitpur assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9259962_img.jpg)
ইয়াৰ পিছতে বৰছলা আৰু ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক ক্ৰমে গণেশ লিম্বু আৰু অশোক সিংহালে পৰিস্থিতি পৰিদৰ্শন কৰি ভৰাশিঙৰী অঞ্চলত যথেষ্ট সংখ্যক অবৈধ বেদখলকাৰী থকাৰ কথা জিলা প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৱগত কৰিছিল ৷ সেই মৰ্মে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এডিজিপি জি পি সিঙক পৰিস্থিতি পৰিদৰ্শনৰ বাবে প্ৰেৰণ কৰিছিল ৷ সেই সময়ত এডিজিপি গৰাকীয়েও উক্ত অঞ্চলত উচ্ছেদ হোৱাৰ আশ্বাস প্ৰদান কৰিছিল ৷ তাৰ পৰিপ্ৰেক্ষিততে বুধবাৰে ভৰাশিঙৰী অঞ্চলত শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় ৷
লগতে চাওকঃ সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একে হাৰত হ’ব মাচুলঃ শিক্ষা বিভাগৰ নিৰ্দেশ