ETV Bharat / state

Assam erosion news : ৰঙাপৰাত ডিপোটা নদীৰ ভয়ংকৰ গৰাখহনীয়া; শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান চৰকাৰলৈ

author img

By

Published : Jul 12, 2023, 11:34 AM IST

শোণিতপুৰ জিলাৰ ৰঙাপৰাত ডিপোটা নৈৰ ভয়ংকৰ গৰাখহনীয়া ৷ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে কেইবাটাও পৰিয়ালৰ লগতে চৰকাৰী সভাগৃহৰ । ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰলৈ কাতৰ আহ্বান স্থানীয় ৰাইজৰ ৷

Erosion on Dipota river at Rangapara in Sonitpur
ৰঙাপৰাত ডিপোটা নদীৰ ভয়ংকৰ গৰাখহনীয়া
ৰঙাপৰাত ডিপোটা নদীৰ ভয়ংকৰ গৰাখহনীয়া

শোণিতপুৰ, 12 জুলাই : শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ কাষেৰে বৈ যোৱা ডিপোটা নৈখনে ঠায়ে ঠায়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে । বিগত প্ৰায় 20 বছৰ ধৰি নৈখনে ভয়ংকৰ গৰাখহনীয়া সৃষ্টি কৰি অহাত নৈপৰীয়া ৰাইজ বাৰুকৈয়ে শংকিত হৈ পৰিছে । ডিপোটা নৈখনত খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধান কোনখন চৰকাৰে গ্ৰহণ কৰিব তাকে লৈ বৰ্তমানৰ সময়চোৱাত প্ৰশ্ন উত্থাপিত হোৱা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, ৰঙাপৰাৰ নামনিগাঁও গাঁও পঞ্চায়ত এলেকাৰ নগাপথাৰ গাঁৱত ডিপোটা নৈখনৰ বাঢ়নি পানীয়ে খহনীয়াৰ সৃষ্টি কৰিছে ।

নৈখনৰ খহনীয়াই এটা পৰিয়াল আৰু পকীৰে নিৰ্মাণ কৰা এটা চৰকাৰী সভাগৃহলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে । ৰঙাপৰা চেণ্ট পলচ ইংৰাজী বিদ্যালয়ত কৰ্মৰত শিক্ষক আলবেৰ্ট বাৰলাৰ বাসগৃহটি আৰু সমীপৰ চৰকাৰী সভাগৃহটি নৈখনৰ খহনীয়াৰ কৱলত পৰিবলৈ মাত্ৰ 4 মিটাৰমান বাকী আছে । শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি 2003 চনৰে পৰা নৈখনে সৃষ্টি কৰি অহা খহনীয়া সন্দৰ্ভত চৰকাৰক বাৰাম্বাৰ অৱগত কৰি অহা হৈছে যদিও এই ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তোলে শিক্ষকগৰাকীয়ে ।

ৰাজ্য চৰকাৰখনে নৈখনত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা যদি গ্ৰহণ নকৰে তেতিয়াহ’লে কম সময়ৰ ভিতৰতে মাটি-ভেটি উছন হ’ব বুলি শিক্ষকজনে মত পোষণ কৰে । গাভৰু নৈখনত ব’ল্ডাৰ প্ৰতিৰোধৰে খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষক আলবেৰ্ট বাৰলাই পুনৰ চৰকাৰখনক দাবী জনাইছে । ইপিনে বিগত কেবাদিনো ধৰি ৰঙাপৰা অঞ্চলত নেৰানেপেৰা বৰষুণ হৈ থকাৰ ফলত অনিশ্চয়তাৰ মাজেৰে দিন কটাবলগীয়াত পৰিছে নৈপৰীয়া ৰাইজে । নৈৰ গৰাখহনীয়াই কেইবাটাও পৰিয়াললৈ কঢ়িয়াই আনিছে চৰম ভাবুকি ।

নৈখনে খহনীয়াৰ সৃষ্টি কৰি অহাত স্থানীয় একাংশ ৰাইজে উপায়বিহীন হৈ নিজাববীয়াকৈ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল বুলি উল্লেখ কৰি যোৱা বৰ্ষত বস্তাত মাটি ভৰাই পৰ্যাপ্তভাৱে খহনীয়া প্ৰতিৰোধৰ পদক্ষেপ গ্ৰহণ কৰিছিল ৷ কিন্তু স্থায়ী সমাধান নোহোৱাত সম্প্ৰতি সময়ত নৈপৰীয়া ৰাইজে ভয়-শংকাৰ মাজেৰে দিন পাৰ কৰিছে ।

লগতে পঢ়ক : Journalist attack in Jorhat : সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ; মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.