তেজপুৰ, ৬ মাৰ্চ : শোণিতপুৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগক দায়িত্ব দিয়া হৈছিল নিৰ্বাচনৰ খাদ্য যোগানৰ(Elections Employee sick due to food poisoning) ৷ কিন্তু শনিবাৰে বিভাগে যোগান ধৰা খাদ্য গ্ৰহণ কৰাৰ পিছতেই নিৰ্বাচনৰ দায়িত্বত নিয়োজিত ৯০% কৰ্মচাৰীয়েই ওৰেনিশাই পেটৰ অসুখত ভোগে(food poisoning in Sonitpur election center) ৷
কেৱল নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীয়েই নহয় নিৰাপত্তাৰ দায়িত্বত থকা সকলোৱে ভোগে পেটৰ অসুখত ৷ এই অভিযোগ লাভ কৰাৰ পিছতেই দেওবাৰে শোণিতপুৰৰ উপায়ুক্তই খাদ্য প্ৰস্তুত কৰা গৃহ পৰ্যবেক্ষণ কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লয় ৷
কিন্তু খাদ্য আৰু অসামৰিক যোগান বিভাগে যোগান ধৰা এই খাদ্যত যে বিসংগতি আছিল সেই কথা কৰ্মচাৰীসকলে পেটৰ অসুখত ভোগাৰ পিছতে উৰহিৰ ওৰ ওলাই পৰে ৷ এইক্ষেত্ৰত এতিয়া শোণিতপুৰৰ উপায়ুক্তই জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিৰূদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় ৷
লগতে পঢ়ক : মাতৃৰ অবৰ্তমানত দ্বিতীয় গৰাকী মাতৃৰ সন্ধান পালে লুৰীণে