ETV Bharat / state

Man Elephant conflict : বনৰীয়া হাতীয়ে বিধ্বস্ত কৰিলে বিদ্যালয়ৰ গৃহ

ৰঙাপৰা ৰূপাজুলি চাহ বাগিচাত পাঁচটাকৈ বনৰীয়া হাতীয়ে বিধ্বস্ত কৰিলে প্ৰাথমিক বিদ্যালয় গৃহ(Elephants destroyed primary school buildings)

author img

By

Published : Oct 21, 2022, 2:04 PM IST

Elephants destroyed primary school buildings
Man Elephant conflict : বনৰীয়া হাতীয়ে বিধ্বস্ত কৰিলে বিদ্যালয়ৰ গৃহ

ৰঙাপৰা, 21 অক্টোবৰ: শোণিতপুৰ জিলাৰ ৰঙাপৰাত হাতী-মানুহৰ সংঘাতে ধাৰণ কৰিছে তীব্ৰতৰ ৰূপ(conflict between men and elephant) । বিগত কিছুদিন ধৰি ৰঙাপৰা অঞ্চলৰ চাহ বাগিচা আৰু গাওঁ সমুহত বনৰীয়া হাতীয়ে চলাই অহা তাণ্ডৱৰ বাবে ৰাইজে ত্ৰাহিমধুসুদন সুৱঁৰিব লগা হৈছে । মুঠতে ৰঙাপৰাত এতিয়া নিশা হৈ অহা মানে বনৰীয়া হাতী অহাটো এক সাধাৰণ ঘটনাত পৰিণত হৈছে ।

বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে ৰাইজে প্ৰায়েই উজাগৰী নিশা কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে । প্ৰাপ্ত তথ্য অনুসৰি কালি নিশা বনৰীয়া হাতীয়ে ৰূপাজুলি চাহ বাগিচাৰ বিদ্যালয় গৃহটি ভাঙি বিস্তৰভাৱে ক্ষতি সাধন কৰে(Elephants destroyed primary school buildings) । তাৰোপৰি বিদ্যালয়খনৰ সা-সম্পত্তিকে ধৰি শ্ৰেণী কোঠাৰ পকীবেৰবোৰ বনৰীয়া হাতীয়ে ভাঙি পেলায়(Man Elephant conflict in Assam)৷ ফলত শিক্ষাৰ্থীসকলে শিক্ষাগ্ৰহণত সৃষ্টি হৈছে অসুবিধাৰ ।

নিশা খাদ্যৰ সন্ধানত অহা পাঁচটা বনৰীয়া হাতীয়ে অঞ্চলটোত এক ত্ৰাসৰ সৃষ্টি কৰি বিদ্যালয়খনৰ চাৰিখনকৈ পকীবেৰ ভাঙি মধ্যাহ্ন ভোজনৰ চাউল ভক্ষণ কৰাৰ পাছত আঁতৰি যায় । তাৰোপৰি প্ৰাথমিক বিদ্যালয়খনত প্ৰথম শ্ৰেণীত ১৮ জন, দ্বিতীয় শ্ৰেণীত ৮ জন, তৃতীয় শ্ৰেণীত ৮ জন, চতুর্থ শ্ৰেণীত ৮ জন আৰু পঞ্চম শ্ৰেণীত ৮ জনকে ধৰি সৰ্বমুঠ ৫০ গৰাকী শিক্ষাৰ্থীৰ একমাত্ৰ শিক্ষয়িত্ৰী ৰতিবালা তেলীয়ে শিক্ষাদান কৰি আহিছে ।

উক্ত বিদ্যালয়খন বন্যহস্তীয়ে বিস্তৰ ক্ষতিসাধন কৰাৰ পাছত শিক্ষয়িত্ৰীগৰাকীয়ে উপায় বিহীন হৈ নিচেই কাষতে থকা ৰূপাজুলি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খনৰ এটা শ্ৰেণীকোঠাত পাঠদান কৰিবলগীয়া হৈছে । সেয়েহে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে চাহ বাগিচা কৰ্তৃপক্ষক বিদ্যালয়ৰ গৃহটি নিৰ্মাণ কৰি দিবলৈ আহ্বান জনায় । এই ক্ষেত্ৰত বন বিভাগটোৱে কোনো ধৰণৰ স্থায়ী সমাধান কৰিব নোৱাৰাৰ বাবেই ৰঙাপৰা বিধানসভা সমষ্টিত চাহ বাগিচা অঞ্চলত থকা শিক্ষানুষ্ঠানৰ পকীবেৰ আৰু ৰাইজৰ সম্পত্তিবোৰ বন্যহস্তীয়ে ক্ষতিগ্ৰস্ত কৰি আহিছে(Elephant menace in Rangapara) ।

লগতে পঢ়ক: APSC language controvercy: কেবিনেটৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.