ETV Bharat / state

লক ডাউনৰ মাজতে ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ - তাৰাজুলি চাহ বাগিচা

লকডাউনৰ মাজতে ৰঙাপৰাত সোমবাৰে নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ খাদ্যৰ সন্ধানত সোনাই-ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা 5 বনৰীয়া হাতীয়ে ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে ভক্ষণ কৰে এখন সুলভ মূল্যৰ দোকানৰ চাউল ৷ স্থানীয় ৰাইজৰ প্ৰচেষ্টাত ওলাই যায় বনৰীয়া হাতীটো ৷

ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ
author img

By

Published : May 26, 2020, 9:52 AM IST

ৰঙাপৰা, 26 মে’: শোণিতপুৰৰ ৰঙাপৰাত সোমবাৰে নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ । নিশা প্ৰায় 12 মান বজাত খাদ্যৰ সন্ধানত সোনাই-ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা 5 টা বনৰীয়া হাতীয়ে তাৰাজুলি চাহ বাগিচাত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰে । ইয়াৰোপৰি বন্য হস্তীৰ জাকটোৱে তাৰাজুলি চাহ ফেক্টৰীৰ সমীপত থকা ৰাজেন্দ্ৰ দোগ্গালৰ সুলভ মূল্যৰ দোকানখনৰ এখন পকীবেৰ ভাঙি দোকানখনৰ পৰা 15 বেগ খাদ্য সুৰক্ষাৰ চাউলৰ লগতে দোকানত থকা অন্য খাদ্য সামগ্ৰী ভক্ষণ কৰে ।

ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ

ইফালে বনৰীয়া হাতীকেইটাই তাৰাজুলি ষ্টাফ লাইনত প্ৰৱেশ কৰি বাৰীত থকা তামোল, নাৰিকল, কলগছ আদি গছকি ভাঙি পেলায় বুলিও জানিব পৰা গৈছে । পিছত স্থানীয় একাংশ ৰাইজে হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হয় । বন্য হস্তীৰ উপদ্ৰৱক লৈ শংকিত হৈ পৰিছে ৰঙাপৰাবাসী ।

লগতে পঢ়ক: পুনৰ আৰম্ভ হল বিমানসেৱাঃ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ ভিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.