ৰঙাপৰা,11অক্টোবৰঃ শোণিতপুৰ জিলাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। অসম-অৰুণাচল সীমান্তৱৰ্তী তথা চাৰিদুৱাৰ আৰক্ষী চকীৰ অন্তৰ্গত তৰাজানত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়। তৰাজান গাঁৱৰ এখন ধাননী পথাৰৰ মাজত উদ্ধাৰ হৈছে হাতীটোৰ মৃতদেহ । বন বিভাগৰ সূত্ৰ মতে, খাদ্যৰ সন্ধানত বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল বনৰীয়া হাতীটো।
অৱশ্যে হাতীটো কি কাৰণত মৃত্যু ঘটিল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই । ইতিমধ্যে ঘটনাস্থলীত চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ৰ এটা বনকৰ্মীৰ দল উপস্থিত হৈ ঘটনাৰ বুজ লয়। বনৰীয়া হাতীটোৰ কৰুণ মৃত্যুত প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত শোকৰ ছাঁ পৰা দেখিবলা পোৱা গৈছে ।
লগতে পঢ়কঃ শনিবাৰে শুভমুক্তি দৰ্শন শইকীয়াৰ নতুন এলবাম "আবেগ"