ETV Bharat / state

ৰঙাপৰাত এটি বনৰীয়া হাতীৰ পোৱালিৰ কৰুণ মৃত্যু - হঠাৎ হাতীবাৰী চাহ বাগিচা

মঙলবাৰে আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীসকলে, বনৰীয়া হাতীৰ এটা জাক খেদি থকাৰ সময়ত বিয়লিৰ ভাগত হঠাৎ হাতীবাৰী চাহ বাগিচাৰ ২২ চেকচেনৰ হস্তী দণ্ডিৰ এটা নলাত বনৰীয়া হাতীৰ পোৱালিটো মাটিৰে পোত গৈ থকাৰ খবৰ লাভ কৰিছিল ৷

elephant death at rangapara
ৰঙাপৰাত বনৰীয়া হাতীৰ পোৱালিৰ কৰুণ মৃত্যু
author img

By

Published : Oct 7, 2020, 1:57 PM IST

ৰঙাপৰা,7অক্টোবৰঃ শোণিতপুৰৰ ৰঙাপৰাত এটি বনৰীয়া হাতীৰ পোৱালিৰ কৰুণ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে । হাতীবাৰী চাহ বাগিছাখনৰ এটা নলাত পৰি বনৰীয়া হাতীৰ পোৱালিটিৰ মৃত্যু ঘটে। সমগ্ৰ ৰাজ্যখনতে বন বিভাগে উলহ-মালহৰে বন্যপ্ৰাণী সপ্তাহ পালন কৰি থকাৰ সময়ত ৰঙাপৰাৰ হাতীবাৰীত এটা ৫-৬ মহীয়া মতা হাতীৰ পোৱালিৰ মৃত্যুৰ বাতৰিয়ে প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত শোকৰ ছাঁ পেলাই।

ইপিনে চাহ বাগিছাখনৰ দ' নলাত পৰি বনৰীয়া হাতীৰ পোৱালিটোৰ মৃত্যু ঘটা বুলি বন বিভাগ আৰু স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, শোণিতপুৰ জিলাত জাক জাক বনৰীয়া হাতীয়ে সম্প্ৰতি বিভিন্ন অঞ্চলত মুক্ত বিচৰণ কৰি আছে।

লগতে পঢ়কঃ এআইইউডিএফৰ দুৰ্গত বদৰুদ্দিন আজমল গ' বেক ধ্বনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.