ETV Bharat / state

কোন দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিব এই নিৰ্বাচনত ? এক বিশ্লেষণ...

author img

By

Published : Apr 6, 2021, 6:08 PM IST

গণতন্ত্ৰৰ বৃহৎ উৎসৱ জনাদেশৰ ইতিমধ্যে তৃতীয় পৰ্যায়ৰ সমাপ্তি ঘটিছে । গুণাগাঁথা চলিছে পুনৰ কোন দলে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হ’ব । বিজেপিৰ এক শীৰ্ষ সূত্ৰৰ পৰা বাৰে বাৰে প্ৰকাশ কৰিছে যে গৰিষ্ঠ সংখ্যক আসন লাভ কৰি এই নিৰ্বাচনত জয়ী হ’ব আৰু চৰকাৰ গঠন কৰিব ৷ তাৰ বিপৰীতে কংগ্ৰেছৰ মহাজোঁটয়ে কৈছে যে এইবাৰ চৰকাৰ তেওঁলোকে গঠন কৰিব । প্ৰণৱ কুমাৰ দাসৰ এক প্ৰতিবেদন...

কোন দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিব এই নিৰ্বাচনত !

তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ নিজৰ ভোট প্ৰদান কৰি প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে জনাইছে তেওঁলোকৰ ১০০+ৰ যি অংক আছিল সেয়া ৯০ লৈ অৱনমিত হৈছে । ইয়াৰ পৰা বুজা যায় যে শাসকীয় দলে এই নিৰ্বাচনৰ পৰা বুজি উঠিছে যে এই নিৰ্বাচন ইমান সহজ নহয় । নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতৃত্বৰ যদিও প্ৰভাৱ কম তৎস্বত্তেও জাতীয় পৰিষদে প্ৰথম পৰ্যায়ত এক লেখত ল’বলগীয়া ভূমিকা গ্ৰহণ কৰিলে ।

মন কৰিবলগীয়া যে, ২০১৬ চনত ১৫ বছৰীয়া কংগ্ৰেছৰ শাসন ওফৰাই অসমত প্ৰথম বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ আৰু অসমৰ ৰাইজৰ বুকুৰ আমঠু ১৯৮৩ অসম আন্দোলনৰ পটভূমিত জন্ম লাভ কৰা অসম গণ পৰিষদৰ লগত মিত্ৰতা কৰি শাসনৰ বাঘজৰী ল’বলৈ সক্ষম হৈছিল । জাতি, মাটি আৰু ভেঁটি সুৰক্ষিত কৰাৰ লগতে অসমৰ পৰা অবৈধ বিদেশী বিতাৰণৰ মূল ইচ্যু লৈ শাসনত থকা সময়তে নাগৰিকত্ব সংশোধনী বিল আৰু পৰৱৰ্তী সময়ত আইনৰ বাবে অসমত শেষৰ দুটা বছৰ চৰকাৰ খনে শ'ল ঠেকত পৰিছিল । কিন্তু এই সমূহ ইচ্যু বিৰোধী দল সমূহে নিৰ্বাচনত যি ধৰণে উত্থাপন কৰিব লাগিছিল সেয়া দেখা নগ’ল ।

ইতিমধ্যে সমাপ্তি ঘটা অসম বিধান সভা নিৰ্বাচনত তিনিটা পৰ্যায়ৰ সমাপ্তিৰ পিছতে ৰাজনৈতিক দল আৰু চৰকাৰৰ বিভিন্ন এজেঞ্চি সমূহে পৰ্যালোচনা কৰি উলিয়াইছে এক প্ৰকাৰ নির্বাচনী ফলাফল । প্ৰথম পৰ্যায়ৰ মুঠ ৪৭ টা সমষ্টিত তুমুল প্ৰতিদ্বন্দিতাৰে সমাপ্তি পৰে ভোট দানৰ হাৰ লৈ লক্ষ কৰি এই সমষ্টিৰ অন্তৰ্গত শাসনাধিস্থ বিজেপিৰ মিত্ৰজোঁট দলে ৩২ খনৰ পৰা ৩৭ খন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ এক ইংগিত প্ৰদান কৰিছে এটা কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই ৷ আনহাতে অন্য এটা সংস্থাই বিজেপিৰ মিত্ৰজোঁট ৰ দলে ৩৭ খন আসন লাভ কৰাৰ সম্ভাৱনা প্ৰকট । বিপৰীতে বিজেপিয়ে এই পৰ্যায়ত ৪০ খন আসন লাভ কৰাৰ পোষকতা কৰিছিল ।

দ্বিতীয় পৰ্যায়ৰ মুঠ ৩৯ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা বিভিন্ন দলৰ ভিতৰত নতুনকৈ বি টি এ ডি ৰ শাসনলৈ অহা ইউ পি পি এল দলৰ সংযোজিত হৈছে ৷ আনহাতে, কংগ্ৰেছ মহাজোঁটৰ বি পি এফ দলে কিছু আসন লাভ কৰিব যদিও সংস্থা সমূহে বিজেপি মিত্ৰজোঁটক ইয়াৰ ভিতৰত ৩২-৩৩ খন আৰু কেন্দ্ৰীয় সংস্থাই ২৮ খন আসন লাভ কৰিব বুলি ইংগিত প্ৰদান কৰিছে ।

ইয়াৰ বিপৰীতে তৃতীয় পৰ্যায়ৰ ৪০ খন আসনৰ ভিতৰত আটাইকেইটা সংস্থাই মুঠ ২০-২২ খন আসন লাভ কৰিব বুলি এক মৌখিক ভাবে জনাইছে । উল্লেখ্য যে, প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ দৰে তৃতীয় পৰ্যায়ত চাহ বাগিচাৰ ভোটাৰ তেনেই নগণ্য । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত চাহ বাগিচাৰ ভোটাৰে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে ৷ তাৰ বিপৰীতে তৃতীয় পৰ্যায়ত বড়ো আৰু সংখ্যালঘু ভোটাৰে আন এক সুকীয়া ভূমিকা গ্ৰহণ কৰে ।

অসমত নিৰ্বাচনৰ পূৰ্বে যি দৰে প্ৰতিষ্ঠান বিৰুদ্ধে ঢৌ আৰু আন্দোলন গঢ়ি উঠিছিল কিন্তু নিৰ্বাচনৰ প্ৰচাৰত ইয়াৰ এক ওলোটা ছবি দেখা গৈছিল । অসমত প্ৰায় ১ কোটি ২৩ হাজাৰ চাহ জনগোষ্ঠীৰ লোকে বসবাস কৰে আৰু ইয়াৰ ভিতৰত প্ৰায় ৯০ লাখ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত আছে । অসমৰ প্ৰতিটো নিৰ্বাচনত এই লোকসকলে এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে এই চাহ জনগোষ্ঠীৰ লোকে ।

উজনি অসমৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অধিক চাহ বাগিচা আছে আৰু ইয়াৰ অন্তৰ্গত প্ৰতিটো সমষ্টিত চাহ জনগোষ্ঠীৰ লোকে স্বাধীনতাৰ পিছৰে পৰা প্ৰতিনিধিত্ব কৰি আহিছে । ব্ৰিটিছ শাসনৰ সময়ত অসমত ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা অসমলৈ চাহ বাগিচাৰ বনুৱা হিচাপে অহা এই সকল লোক পৰৱৰ্তী সময়ত অসমত স্থায়ী বাসিন্দা হিচাপে বসবাস কৰে । তাৰ পিছত অসমত কংগ্ৰেছৰ শাসনৰ পৰা এই জনগোষ্ঠীৰ লোক সকলক একমাত্ৰ নিৰ্বাচনৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বিভিন্ন ৰাজনৈতিক দল সমূহে ।

কিন্তু এইবাৰো যেন ইয়াৰ বিপৰীতে যোৱা পৰিলক্ষিত নহ’ল ৷ নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি তাৎক্ষণিক ১৬৭ টকাৰ পৰা ৫০ টকা বৃদ্ধি কৰি ২১৭ টকা কৰিছিল আৰু মাৰ্চৰ ৩ তাৰিখৰ পৰা এই বৰ্ধিত ধন শ্ৰমিকে লাভ কৰিব লাগিছিল, কিন্তু ইয়াৰ পিছত মালিক পক্ষই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল যে, এই বৃদ্ধি মজুৰি আইনৰ অধীনত বৃদ্ধি পোৱা প্ৰয়োজন ৷ তাকে নকৰাৰ বাবে গুৱাহাটী উচ্চতম ন্যায়ালয়ে এই বিষয়ে স্থগিতাদেশ জাৰি কৰিছে । তৎস্বত্তেও চাহ শ্ৰমিক সকল যেন একেই আশা সন্মুখত ৰখা দেখা গৈছিল ।

বিৰোধী দলৰ প্ৰাৰ্থী আৰু নেতা সমূহে যি ধৰণে নিৰ্বাচনৰ ইচ্ছু লৈ প্ৰচাৰ কৰিব লাগিছিল কিন্তু সেইয়া হৈ নুঠিল । যি নহওক ইতিমধ্যে ১২৬ টা সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য ইলেকট্ৰনিক ভোটিং মেচিনত বন্দী হ’ল ২৫ দিনৰ বাবে অহা ২ মে" ত এই সকলো ধাৰণা স্পষ্টভাৱে প্ৰকাশ পাব ।

-প্ৰণৱ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.