ETV Bharat / state

বিটিআৰত প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএলে চৰকাৰ গঠন কৰাটো নিশ্চিত: ড৹ নীলু স্বৰ্গীয়াৰী

author img

By

Published : Nov 4, 2020, 12:51 PM IST

তুংগত উঠিছে বিটিচিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ বিটিআৰত অন্তৰ্ভুক্ত শোণিতপুৰ জিলাৰ 19 খন গাঁৱত পদযাত্ৰাৰে নিৰ্বাচনী ৰণডংকা বজাইছে ইউপিপিএলে ৷ এইবাৰ প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএলে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰিছে ৷ এই মন্তব্য় দলটোৰ 40নং ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ড৹ নীলু স্বৰ্গীয়াৰীৰ ৷

Election campaign by UPPL Candidate nilu swargiary tezpur assam etv bharat news
বিটিচিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত

তেজপুৰ,4 নৱেম্বৰ: ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে শোণিতপুৰত উপস্থিত হয় 40নং ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ড৹ নীলু স্বৰ্গীয়াৰী ৷ প্ৰাৰ্থীগৰাকী শোণিতপুৰত উপস্থিত হোৱাৰ পিছতে সহস্ৰাধিক ৰাইজে এক বিশাল ৰেলীৰে স্বৰ্গীয়াৰীক আদৰণি জনায় ৷ উল্লেখ্য যে, বিটিআৰত অন্তৰ্ভুক্ত হৈ আছে শোণিতপুৰৰ প্ৰায় 19 খন গাঁও ৷ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালভাৱে বিটিআৰত এইবেলি প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএলে চৰকাৰ গঠন কৰাটো একপ্ৰকাৰ নিশ্চিত বুলি দাবী কৰে ৷

লগতে সংবাদ মাধ্যমক সম্বোধন কৰি ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে ৰাইজ দলে-বলে ওলাই অহা বুলি ব্যক্ত কৰে । বৰ্তমানলৈকে প্ৰায় 80 কিল’মিটাৰ পথ পদযাত্ৰাৰে সম্পূৰ্ণ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ একমাত্ৰ পৰিৱৰ্তনৰ স্বাৰ্থত এই পদযাত্ৰা কৰা হৈছে ৷ তদুপৰি পদযাত্ৰাৰ ফলত ৰাইজে যে পৰিৱৰ্তন বিচাৰিছে সেই কথা নিশ্চিত বুলি প্ৰকাশ কৰিছে ড৹ নীলু স্বৰ্গীয়াৰীয়ে ৷ বিগত 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে যি শোষণ চলাইছিল তাৰ বিৰুদ্ধে অতীষ্ঠ হৈ পৰিছে বিটিআৰবাসী ৷ সেয়ে এইবাৰ পৰিৱৰ্তন কাম্য বুলি সদৰী কৰে ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে ৷

বিটিচিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত

ইউপিপিএলে 32 হাজাৰ ভোটৰ বৃহৎ ব্যৱধানত বিপিএফক পৰাজিত কৰাৰো দাবী উত্থাপন কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ তদুপৰি শোণিতপুৰৰ যি গাঁও বিটিআৰত অন্তৰ্ভূক্ত, সেই গাঁৱবাসীয়ে বিগত সময়ছোৱাত উন্নয়নৰ মুখ নেদেখাৰ কথা স্বীকাৰ কৰে ৷ উপস্থিত ৰাইজে হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ অনুৰোধ স্বত্বেও কোনোধৰণৰ উন্নয়নমূলক কাৰ্য কৰাৰ বিপৰীতে লুণ্ঠন চলোৱাৰ কথাহে দাবী কৰে সংবাদ মাধ্যমৰ আগত ৷ সেয়ে পৰিৱৰ্তন বিচাৰি ভোটাৰসকলে ইউপিপিএলক ভোট দি জয়যুক্ত কৰাতো নিশ্চিত হৈ পৰিছে ৷

লগতে চাওকঃ অসম আৰু মিজোৰাম সীমান্তত যুদ্ধ সদৃশ পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.