ETV Bharat / state

মণিপুৰত সেনাৰ অভিযানত আটক ৮ জন পি এল এ উগ্ৰপন্থী

author img

By

Published : Aug 14, 2022, 8:21 PM IST

স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকমুহূৰ্তত সেনা আৰু মণিপুৰ আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সাফল্য । সেনাৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত মণিপুৰ আৰক্ষী, মাণ্টিপুখুৰী আৰু কেইথেলমানবী বেটেলিয়ানৰ যৌথ অভিযানত 8 টা পি এল এ উগ্ৰপন্থী আটক কৰিবলৈ সক্ষম হয় (Eight armed militants arrested in Manipur) ।

Eight armed militants arrested in Manipur
মণিপুৰত সেনাৰ অভিযানত আটক ৮ জন পি এল এ উগ্ৰপন্থী

তেজপুৰ, ১৪ আগষ্ট: স্বাধীনতা দিৱস উদযাপনৰ প্ৰকমুহূৰ্তত সেনা আৰু মণিপুৰ আৰক্ষীৰ বৃহৎ সাফল্য । সেনাৰ চোৰাংচোৱাৰ তথ্য ভিত্তিত মণিপুৰ আৰক্ষী, মাণ্টিপুখুৰী আৰু কেইথেলমানবী বেটেলিয়ানৰ ( Keithelmanbi Battalion) যৌথ অভিযানত 8 টা পি এল এ উগ্ৰপন্থী আটক কৰিবলৈ সক্ষম হয় (Eight PLA militants arrested in Manipur) ।

সেনাৰ সূত্ৰত প্ৰকাশ যে স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকমুহূৰ্তত ভয়ংকৰ কুটাঘাটৰ পৰিকল্পনা ৰচিছিল এই গোটটোৱে ৷ মণিপুৰ ইষ্ট, মণিপুৰ ৱেষ্ট, থওবাল আৰু কাকচিং জিলাৰ পৰা আটক কৰা পি এল এ উগ্ৰপন্থী কেইটাৰ পৰা ২টা 9mm পিষ্টল আৰু ৩৫ জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে (2 pistols with magazine, 35 live 9 mm rounds seized)।

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে. কৰ্ণেল মহিন্দ্ৰ ৰাৱাতে জনোৱা অনুসৰি ইম্ফল ইষ্ট জিলাত কাকচিং চহৰ আৰু এণ্ডৰো গাঁৱত কেইবাজনো মণিপুৰী লোক হত্যাৰ লগত জড়িত আছিল এইকেইটা পি এল এ উগ্ৰপন্থী । উল্লেখ্য যে, উদ্ধাৰ হোৱা অস্ত্ৰ আৰু সামগ্ৰীসমূহ মণিপুৰ আৰক্ষীৰ হাতত জমা দিয়ে অভিযানকাৰী দলটোৱে ।

আনহাতে সেনাৰ অসম ৰাইফালচৰ অধীনত অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত ভাৰত ম্যানমাৰ সীমান্তত স্বাধীনতা দিৱস উপলক্ষে ব্যাপক অভিযান অব্যাহত ৰাখিছে বুলি এক বিশেষ সূত্ৰত জানিব পৰা গৈছে ।

লগতে পঢ়ক: হোটেল লেণ্ডমাৰ্কৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.