তেজপুৰ, ১৩ অক্টোবৰ : তেজপুৰস্থিত ভাৰতীয় বায়ুসেনা ঘাটিত শুকুৰবাৰে অনুষ্ঠিত হয় বাৰ্ষিক ইষ্টাৰ্ণ এয়াৰ কমাণ্ড (ইএচি) কমাণ্ডাৰ সন্মিলন ৷ উক্ত সন্মিলনত উপস্থিত থাকে বায়ুসেনাৰ মুৰব্বী এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধাৰী, পি ভি এছ এম ৷ তেজপুৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলন অনুষ্ঠিত হৈছে ৷ আজি আছিল সন্মিলনৰ দ্বিতীয় তথা অন্তিম দিন ৷

সন্মিলনত অংশগ্ৰহণ কৰে এভিএছএম, ভিএম, এডিচি, চিফ অৱ এয়াৰ ষ্টাফগৰাকীয়ে । বায়ুসেনাৰ ইষ্ট এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চীফ এয়াৰ মাৰ্শ্বাল এছ পি ধৰ্কাৰে (Air Marshal SP Dharkar) তেওঁক আদৰণি জনাই সকলো কামাণ্ডাৰ আৰু জ্যেষ্ঠ বিষয়াৰ সৈতে চিনাকি কৰাই দিয়ে ৷ আনহাতে এয়াৰ ষ্টাফৰ মুৰব্বীয়ে কমাণ্ডৰ কাৰ্যকৰী প্ৰস্তুতিৰ সম্পৰ্কে পৰ্যালোচনা কৰে আৰু ইয়াৰ প্ৰধান কৃতিত্বসমূহৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে ।

তেজপুৰ বায়ুসেনাৰ ঘাটিত অনুষ্ঠিত উক্ত অনুষ্ঠানত ভাষণ প্ৰসংগত এয়াৰ ষ্টাফৰ মুৰব্বীগৰাকীয়ে উচ্চ কাৰ্যকৰী প্ৰস্তুতি বজাই ৰখা আৰু সকলো মঞ্চ, অস্ত্ৰ ব্যৱস্থা আৰু সম্পত্তিৰ কাৰ্যকৰী প্ৰস্তুতি নিশ্চিত কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে । তেওঁ সকলো দুৰ্ঘটনা আৰু পৰিঘটনাৰ মূল কাৰণ বিশ্লেষণ, মিছনৰ ফলপ্ৰসূতা বৃদ্ধিৰ বাবে ৰক্ষণাবেক্ষণৰ পদ্ধতি উন্নত কৰা আৰু সকলো সময়তে শাৰীৰিক আৰু চাইবাৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে ৷

ইয়াৰোপৰি প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ সকলো কমাণ্ডাৰক নিৰাপদে কাৰ্যকৰী উৰণৰ পৰিৱেশ প্ৰদানৰ দিশত নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায় । ইয়াৰ উপৰিও CAS য়ে ষ্টেচনসমূহক পৰিচালনা, ৰক্ষণাবেক্ষণ আৰু প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্টতা নিদৰ্শন অৰ্জন কৰাৰ বাবে ট্ৰফী প্ৰদান কৰে ।
লগতে পঢ়ক: PM Modi address P20 : 'সন্ত্ৰাসবাদ বিশ্বৰ বাবে এক প্ৰত্যাহ্বান'-প্ৰধানমন্ত্ৰী মোদী