ETV Bharat / state

Anti drugs mission: অসম-ত্ৰিপুৰা সীমান্তত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী - Anti drugs mission

অসম ৰাইফলছৰ ৰাধানগৰ বেটেলিয়নৰ নেতৃত্বত জিৰিঘাটত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ । ইতিমধ্য়ে এই ঘটনাৰে জড়িত এজন লোকক আটক ।

Anti drugs mission of Assam Rifles
সীমান্তত অবাধে চলি আছে ড্ৰাগছৰ বেহা
author img

By

Published : Jul 4, 2023, 2:12 PM IST

তেজপুৰ, ৪ জুলাই: অসম-ত্ৰিপুৰাৰ সীমান্তত অবাধে চলি আছে ড্ৰাগছৰ বেহা। দুয়োখন ৰাজ্য়ৰ আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষীয়ে সময়ে সময়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই জব্ধ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ । এনে অভিযানৰ মাজতেই অসম ৰাইফলছৰ ৰাধানগৰ বেটেলিয়নৰ নেতৃত্বত HQ IGAR (EAST) ৰ তত্বাৱধানত আগৰতলা ছেক্টৰৰ জিৰিঘাট আৰক্ষী আৰু কাছাৰ জিলাৰ আৰক্ষীৰ সৈতে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰে । আৰক্ষীয়ে এই ঘটনাৰে জড়িত এজন লোকক আটক কৰে ।

ড্ৰাগছ বিক্ৰীৰ চক্ৰৰ বিষয়ে এক নিৰ্ভৰযোগ্য তথ্য লাভ কৰাৰ পিচতেই ৩ জুলাইত জিৰিঘাট থানাৰ আৰক্ষীয়ে অসম ৰাইফলছৰ ৰাধানগৰ বেটেলিয়নৰ সৈতে এক যৌথ অভিযান চলায় । আৰক্ষীৰ এই দলটোৱে ২৭৬.১ গ্ৰাম হেৰ'ইনৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰে । এই ২৭৬.১ গ্ৰাম হেৰ'ইনৰ আনুমানিক মূল্য ৫০ লাখ টকা ।

অসমৰ কাছাৰ জিলাৰ জিৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত লালপানীৰ পৰাও ১.১ কোটি টকাৰ হেৰ'ইন জব্দ কৰে । জব্দ কৰা সামগ্ৰীসহ লোকজনক অধিক তদন্তৰ বাবে জিৰিঘাট আৰক্ষীক গতাই দিয়া হয় বুলি জানিবলৈ দিয়ে । উল্লেখ্য় যে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ পিচতে চুবুৰীয়া ৰাজ্যসমূহত বিভিন্ন ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সুলভ হৈ পৰিছে । বিভিন্ন ধৰণৰ ড্ৰাগছ , কোকেইন আৰু হেৰ'ইনৰ সৰবৰাহ মণিপুৰ সীমান্তৰ পৰা হয় বুলি সন্দেহ কৰা হয় । মণিপুৰ ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত ৰাজ্যৰ লগতে উগ্ৰপন্থী আৰু নিচাযুক্ত ড্ৰাগছ আৰু পপী খেতিৰ এক বিশেষ বৃহৎ বজাৰ দখল কৰি আহিছে ।

শেহতীয়াকৈ মণিপুৰ চৰকাৰে এই পপী খেতিসমূহ ধ্বংস কৰি আহিছে । চলিত বৰ্ষত এপ্ৰিল মাহলৈকে ১১৫৪ একৰ ভূমি পাহাৰীয়া জনজাতীয় লোকে কৰা পপী খেতি ধ্বংস কৰে । এই পপী খেতিৰ ৮০ শতাংশ পাহাৰীয়া জনজাতি অৰ্থাৎ কুকি সম্প্ৰদায়ৰ লোকে কৰে আৰু বাকী অংশ অন্য লোকে সকলে কৰি আহিছে । জনজাতীয় লোকসকলৰ ভিতৰত কুকি আৰু মণিপুৰী নগাসকল আছে যদিও নগাসকলে এই পপী খেতি নকৰে আৰু কোনো ধৰণৰ নিচাযুক্ত ব্যৱসায়ৰ লগত জড়িত নহয় ।

এই পপী খেতি চৰকাৰে বন্ধ কৰাৰ বাবে পাহাৰীয়া জনজাতীয় লোকসকলৰ এক প্ৰকাৰ ক্ষুব্ধ হৈ পৰে । চৰকাৰে লগতে বনাঞ্চলত বসবাস কৰা লোকসকলকো উচ্ছেদ কৰিছে । এই দুই ঘটনাৰ লগতে সংযুক্ত হৈ পৰিল শেহতীয়া মেইটেইসকলৰ বাবে ঘোষিত জনজাতীয় মৰ্যাদাৰ স্বীকৃতি আৰু জাঙুৰ খাই উঠিল পপী খেতিত চৰকাৰে হস্তক্ষেপ কৰা জনজাতীয় সম্প্ৰদায়ৰ লোকসকল ।

লগতে পঢ়ক:Constituency delimitation: লাহোৱাল সমষ্টি বিলুপ্তিকৰণক লৈ চাহ বাগিচাত তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.