ETV Bharat / state

সাৱধান চোৰাং চিকাৰী ! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে মৰণফান্দ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী ৰোধৰ বিশেষ ব্যবস্থা ৷ ৰাষ্ট্ৰীয় উদ্যানখনত সংযুক্ত হ'ব দ্ৰোণৰ ব্যবস্থা ৷ ইতিমধ্যে, প্ৰশিক্ষণ প্ৰাপ্ত কৰি তোলা হৈছে বিষয়া-কৰ্মচাৰীক ৷

Drones to Check Poaching in Kaziranga National Park
দ্ৰোণৰ প্ৰশিক্ষণ প্ৰদান
author img

By

Published : Sep 14, 2020, 10:37 PM IST

তেজপুৰ, 14 ছেপ্টেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 17 গৰাকী আগশাৰীৰ বিষয়াক ৰাষ্ট্ৰীয় উদ্যানত তিনিদিনীয়া দ্ৰোণৰ প্ৰশিক্ষণ দিয়া হৈছে ৷ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চোৰাং চিকাৰী ৰোধ কৰিবলৈ উদ্যান কৰ্তৃপক্ষই এই বিশেষ ব্যবস্থা হাতত লৈছে ৷

দ্ৰোণৰ প্ৰশিক্ষণ প্ৰদান

উল্লেখ্য যে,অসমৰ বন বিভাগে 2018 চনতে দ্ৰোণ ব্যৱহাৰ কৰিছিল আৰু 2019 চনতে ৰাষ্ট্ৰীয় উদ্যানত এই দ্ৰোণ ব্যৱহাৰ কৰি কৃতকার্য লাভ কৰিছিল । ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ইটিভি ভাৰতক জনায় যে,তিনিখন অত্যাধুনিক প্ৰযুক্তিৰ নতুন দ্ৰোণ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানত অনা হয় ৷ ইয়াৰ আগতে দ্ৰোণ আছিল যদিও এয়া নতুন প্ৰযুক্তিৰ বুলি তেওঁ জানিবলৈ দিয়ে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাশ্ববৰ্তী 6 ষষ্ঠ সংযোজন আৰু শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান সামৰি এই দ্ৰোণ ব্যৱহাৰ কৰা হৈছে । ইতিমধ্যে,ব্যৱহাৰিক আৰু কাৰিকৰী দিশত প্ৰশিক্ষণ সোমবাৰে ৰাষ্ট্ৰীয় উদ্যানত সমাপ্ত কৰা হয় ।

Drones to Check Poaching in Kaziranga National Park
দ্ৰোণৰ প্ৰশিক্ষণ প্ৰদান

উল্লেখযোগ্য যে,ইয়াৰ আগতে ৰাষ্ট্ৰীয় উদ্যানৰ চোৰাং চিকাৰী ৰোধ কৰিবলৈ UAV (Unman Aerial Vehicle) ব্যৱহাৰ কৰা হৈছিল যদিও সুৰক্ষাৰ বাবে এই ব্যৱস্থা স্থগিত কৰা হৈছে । ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা সংমণ্ডলত এই দ্ৰোণ ব্যৱহাৰ কৰা হ'ব । কহৰা,বাগিৰী,বুঢ়াপাহাৰ,আগৰাতলি ৰেঞ্জ সামৰি লোৱা এই প্ৰশিক্ষণ ।

উল্লেখ্য যে,ইষ্টাৰ্ণ ৰেঞ্জৰ 11 গৰাকী,নগাঁও বন্য প্ৰাণী সংমণ্ডলৰ 2 গৰাকী আৰু বিশ্বনাথ সংমণ্ডলৰ 4 গৰাকী বিষয়াক এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : নিজস্ব জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ দাবীত আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.