তেজপুৰ, 27 আগষ্ট : ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি তেজপুৰ জিলাত আৰম্ভ হ’বলগীয়া ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া সন্দৰ্ভত বৃহস্পতিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ লগত এক সভা অনুষ্ঠিত কৰা হয় ৷ জিলা উন্নয়ন আয়ুক্ত তথা ভাৰপ্ৰাপ্ত উপায়ুক্ত ফাৰুক আলমৰ সভাপতিত্বত আয়োজন কৰা সভাত ভোটাৰ তালিকাৰ সংশোধনীৰ পূৰ্বে হাতত ল’বলগীয়া বিভিন্ন কাৰ্যসূচী যেনে ভোট গ্ৰহণ কেন্দ্ৰ সমূহৰ ভোটাৰৰ সংখ্যা অনুযায়ী পুনৰ নিৰ্ধাৰণ কৰা, ফটোযুক্ত নিৰ্বাচনী পৰিচয় পত্ৰত থকা কোনো বিসংগতিৰ সংশোধনী, মৃত ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা, ৰাজনৈতিক দলৰ বুথ পৰ্যায়ৰ প্ৰতিনিধিৰ সৈতে ভোট গ্ৰহণ কেন্দ্ৰ সমূহৰ নিৰীক্ষণ আদি বিষয়ৰ ওপৰত বিস্তৃতভাবে আলোচনা কৰা হয় ৷
![District administration Important Meeting at tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8584063_gg.jpg)
উক্ত সভাত অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মাই উপস্থিত সকলোকে ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা সময়সীমাৰ বিষয়ে অৱগত কৰে ৷ উল্লেখ্য যে, ভাৰতৰ নিৰ্বাচন আয়োগে 2021 চনৰ 1 জানুৱাৰীক ভিত্তি হিচাপে লৈ আৰম্ভ কৰা ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ লগত জড়িত সকলো প্ৰাৰম্ভিক কাম অহা 31 অক্টোবৰ 2020 ৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব আৰু অহা 16 নবেম্বৰ 2020 তাৰিখে ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হ’ব । সেই দিনাৰ পৰাই অৰ্থাৎ 16 নবেম্বৰ 2020 পৰা 15 ডিচেম্বৰ 2020 তাৰিখলৈ ভোটাৰ সকলৰ দাবী আৰু আপত্তি গ্ৰহণ কৰা হ’ব আৰু 2021 চনৰ 5 জানুৱাৰী তাৰিখৰ ভিতৰত সেই দাবী আৰু আপত্তি সমূহ নিস্পত্তি কৰা হ’ব । তাৰ পিচত অহা 2020 চনৰ 15 জানুৱাৰী তাৰিখে চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকাৰ প্ৰকাশৰ দিন ধাৰ্য্য কৰা হৈছে ।
লগতে পঢ়ক : বটদ্ৰৱা থানত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা