চতিয়া, 10 নৱেম্বৰ : বৃহস্পতিবাৰে শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত চৌকিঘাট এফ পি চিৰ সভাকক্ষত আয়োজন কৰা হয় এক অনুষ্ঠান ৷ এই অনুষ্ঠানতে চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰি, চিলাবন্ধা আৰু ঢলাইবিল কৃষি চক্ৰৰ প্ৰায় ৫০ গৰাকী কৃষক আৰু চৌকিঘাট কৃষক উৎপাদক কোম্পানীৰ (এফ পি চি ) সদস্যসকলক ২০২৩-২৪ বৰ্ষৰ কৃষি বিভাগৰ বিভিন্ন আচঁনিৰ অধীনত ৰবি শস্যৰ বীজ বিতৰণ কৰা হয় ৷
![Distribution ceremony of rabi crop seeds by Sonitpur District Agriculture Department](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-11-2023/asc10017-sootea-9navembar-801-806-still-sooteanews-pransankarbhuyan_09112023194559_0911f_1699539359_661.jpg)
বৃহস্পতিবাৰে মএই বীজ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । কৃষকসকলক ৰবি শস্যৰ বীজ বিতৰণ কৰি বিধায়ক পদ্ম হাজৰিকাই ভাষণ প্ৰসংগত বৰ্তমানৰ চৰকাৰ তথা কৃষি বিভাগে সময় অনুসৰি উন্নত জাতৰ বীজ যোগান ধৰিছে বুলি তেওঁ মন্তব্য কৰে ৷
![Distribution ceremony of rabi crop seeds by Sonitpur District Agriculture Department](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-11-2023/asc10017-sootea-9navembar-801-806-still-sooteanews-pransankarbhuyan_09112023194559_0911f_1699539359_266.jpg)
ইয়াৰ উপৰিও ৰাজ্যৰ যুৱ শক্তিক কৃষিখণ্ডৰ প্ৰতি আগ্ৰহী কৰিবলৈ বিভিন্ন ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰি আহিছে বুলিও সদৰী কৰে । বিধায়কগৰাকীয়ে কৃষি বিভাগৰ এই বীজ বিতৰণ, সজাগতা অনুষ্ঠানৰ জৰিয়তে উৎপাদনমুখী যাত্ৰাক আৰু অধিক শক্তিশালী কৰিব বুলি উল্লেখ কৰাৰ লগতে কৃষকসকলক কৃষি বিভাগৰ তত্বাৱধানত বৈজ্ঞানিক পদ্ধতিৰে আৰু অত্যাধুনিক কৃষি যন্ত্ৰপাতি ব্যৱহাৰ কৰি দুগুণ উৎপাদনেৰে বজাৰ দখল কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ।
![Distribution ceremony of rabi crop seeds by Sonitpur District Agriculture Department](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-11-2023/asc10017-sootea-9navembar-801-806-still-sooteanews-pransankarbhuyan_09112023194559_0911f_1699539359_1092.jpg)
এই অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়া, শোণিতপুৰ জিলাৰ সহকাৰী কৃষি সঞ্চালক মিজানুৰ ৰহমান চৌধুৰী, পশ্চিম বৰভগীয়া গাঁও পঞ্চায়তৰ সভাপতি, পশ্চিম মুহাদল পঞ্চায়তৰ প্ৰতিনিধি ৷ লগতে উত্তৰ বৰভগীয়া পঞ্চায়তৰ প্ৰতিনিধি আৰু ঢলাইবিল, জামুগুৰি আৰু চিলাবন্ধাৰ কৃষি উন্নয়ন বিষয়া হৰেন বৰা, মনতৃষ্ণা ৰাজখোৱা, নিতুমনি মহন্তও উপস্থিত থাকে উক্ত অনুষ্ঠানত ৷
![Distribution ceremony of rabi crop seeds by Sonitpur District Agriculture Department](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-11-2023/asc10017-sootea-9navembar-801-806-still-sooteanews-pransankarbhuyan_09112023194559_0911f_1699539359_150.jpg)
কৃষি বিভাগৰ বিভিন্ন আচঁনি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান (NFSM), ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY), উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ পাদদেশীয় ৰাজ্যৰ বাবে উদ্যান শস্য অভিযান আঁচনি (HMNEH), দুৰ্যোগ ব্যৱস্থাপনা, এপাৰ্ট ইত্যাদি আচঁনিৰ অধীনত সৰিয়হ, মাকৈ, আলু, মটৰ, ফ্ৰেন্স বীন, পিঁয়াজ, নহৰু ইত্যাদি ৰবি শস্যৰ বীজ বিতৰণ কৰা হয় ৷ এইসমূহ বীজ বিধায়ক পদ্ম হাজৰিকা আৰু জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই কৃষকসকৰ মাজত বিতৰণ কৰে ।
উক্ত অনুষ্ঠানত জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই বিভাগৰ বিভিন্ন আচঁনিৰ বিষয়ে কৃষকসকলক বিষদভাৱে বাখ্যা আগবঢ়োৱাৰ লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ৰবি শস্যৰ বীমা কৰাই লাভান্বিত হ’বলৈ আহ্বান জনায় । উক্ত অনুষ্ঠানত জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক ভাস্কৰ বৰা, সহকাৰী কৃষি পৰিদৰ্শক ৰাতুল হাজৰিকা, টংকেশ্বৰ বৰাৰ লগতে ১০০ ৰো অধিক কৃষক ৰাইজ উপস্থিত থাকে ।
লগতে পঢ়ক : Wild elephant death news:বিন্দুকুৰিৰ কাছমাৰীত এজনী মাইকী হাতীৰ কৰুণ মৃত্যু