ETV Bharat / state

স্বাস্থ্যকেন্দ্ৰৰ গুদামত বস্তাই বস্তাই নষ্ট চেনিটেৰী নেপকিন

author img

By

Published : Jun 22, 2019, 4:18 PM IST

চিকিৎসালয় কৰ্তৃপক্ষৰ অমনযোগিতাৰ বাবে চিকিৎসালয়ৰ গুদামতেই ম্যাদ উকলিল মহিলাৰ বাবে বিনামূলীয়াকৈ বিতৰণ কৰিবলগীয়া চেনিটেৰী নেপকিন ৷

চিকিৎসালয়ৰ গুদামতেই ম্যাদ উকলিল চেনিটেৰী নেপকিনৰ

ৰঙাপৰা, ২২ জুন : স্বাস্থ্য বিভাগ তথা চিকিৎসালয় কৰ্তৃপক্ষৰ অমনযোগিতাৰ বাবে চিকিৎসালয়ৰ গুদামত বস্তাই বস্তাই পচি গ'ল চেনিটেৰী নেপকিন ৷ শোণিতপুৰ জিলাৰ বালিপৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ যোগেদি গ্ৰামাঞ্চলৰ দৰিদ্ৰ কিশোৰী, যুৱতী সকলৰ বাবে যোগান ধৰা হৈছিল ৩৪৯ কাৰ্টুন চেনিটেৰী নেপকিন । কিন্তু উক্ত নেপকিনৰ পেকেটসমূহ স্বাস্থ্য কেন্দ্ৰত বিতৰণ নকৰাকৈ পেলাই থলে চিকিৎসালয় কৰ্তৃপক্ষই ৷ ২০১২ চনতে "ফ্ৰী ডেইছ" নামৰ ২১০ মিলিমিটাৰ দৈৰ্ঘ্যৰ নেপকিনৰ পেকেটখিনি তৈয়াৰ কৰা হৈছিল ৷ লগতে নেপকিনৰ পেকেটৰ ওপৰত স্পষ্টকৈ লিখা আছিল যে চেনিটেৰী নেপকিনখিনিৰ ব্যৱহাৰৰ ম্যাদ কেৱল তৈয়াৰ কৰা দিনৰ পৰা তিনিবছৰহে অৰ্থাৎ২০১৫ চনতেই ম্যাদ উকলিছে বৃহৎ পৰিমাণৰ নেপকিনখিনিৰ ।

ইপিনে স্বাস্থ্যকেন্দ্ৰৰ বিষয়াগৰাকীয়ে এই নেপকিনখিনি তেওঁ স্বাস্থ্যকেন্দ্ৰটিত যোগদান কৰাৰ পূৰ্বৰে বুলিহে মন্তব্য কৰে । স্বাস্থ্যবিভাগে সুলভ মূল্যত যোগান ধৰা এনেধৰণৰ নেপকিনসমূহ চিকিৎসালয় কৰ্তৃপক্ষৰ অমনযোগিতাৰ বাবে বিতৰণ নোহোৱাকৈ ম্যাদ উকলাত ৰাইজ, একাংশ দল-সংগঠনে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় ৷ লগতে সেই সময়ৰ স্বাস্থ্য বিষয়াজনৰ বিৰুদ্ধেও উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

পঢ়ক - ভয়ংকৰ জলসংকটত চেন্নাই;কেৰেলাৰ পৰা পানী যাব চেন্নাইলৈ

বালিপৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ গুদামত দমে দমে পচিছে চৰকাৰী চেনীটাৰী নেপকিন

Story in early mail 
RANGAPARA 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.