ETV Bharat / state

মহাভৈৰৱত প্ৰিয়ংকা গান্ধীৰ ৰুদ্ৰ অভিষেক পূজাত বিলম্ব - ASSAM ELECTION NEWS

জ্যোতিষীয়ে পূজা কৰাৰ লগ্ন নিমিলা বুলি কোৱাৰ বাবেই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ১১ৰ পৰা ১২ বজাৰ ভিতৰত কৰিবলগীয়া পূজা সমাপন কৰিলে বিয়লি তিনি বজাত ৷ ৰুদ্ৰ অভিষেক পূজা কৰাৰ বাবে ফুল নৈবদ্যকে ধৰি সকলো পূজাৰ সামগ্ৰী সজাই ৰখা হৈছিল যদিও হজৰাপাৰৰ বিশাল সমাবেশত অংশ গ্ৰহন কৰাৰ পাছতহে পূজাত অংশ গ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ৷

মহাভৈৰৱত প্ৰিয়ংকা গান্ধীৰ ৰুদ্ৰ অভিষেক পূজাত বিলম্ব

author img

By

Published : Mar 2, 2021, 9:13 PM IST

তেজপুৰ,২ মাৰ্চ: বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ অন্তৰংগ মূহূৰ্তৰ বহু ছবিয়ে অসমৰ ৰাইজৰ হৃদয় জিনাৰ সময়তে মহাভৈৰৱ মন্দিৰত প্ৰিয়ংকা গান্ধীৰ ৰুদ্ৰ অভিষেক পূজাত ঘটিল বিলম্ব ৷ জ্যোতিষীয়ে পূজা কৰাৰ লগ্ন নিমিলা বুলি কোৱাৰ বাবেই ১১ৰ পৰা ১২ বজাৰ ভিতৰত কৰিবলগীয়া পূজা সমাপন কৰিলে বিয়লি তিনি বজাত ৷ ৰুদ্ৰ অভিষেক পূজা কৰাৰ বাবে ফুল নৈবদ্যকে ধৰি সকলো পূজাৰ সামগ্ৰী সজাই ৰখা হৈছিল যদিও হজৰাপাৰৰ বিশাল সমাবেশত অংশ গ্ৰহন কৰাৰ পাছতহে পূজাত অংশ গ্ৰহণ কৰে ৷

মহাভৈৰৱত প্ৰিয়ংকা গান্ধীৰ ৰুদ্ৰ অভিষেক পূজাত বিলম্ব

ইফালে এই কথা সাংবাদিকৰ আগত প্ৰকাশ কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ বৰদলৈয়ে কয় যে, জ্যোতিষ শাস্ত্ৰ মানি চলা নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে গণনা কৰাৰ সময় অনুসৰিহে পূজা কৰে ৷ গতিকে প্ৰিয়ংকা গান্ধীয়ে মহাভৈৰৱ মন্দিৰত বিয়লি তিনি বজাতহে পূজা সমাপন কৰি তেজপুৰ বিমানবন্দৰ পৰা দিল্লীলৈ উভতি যায় ৷

লগতে পঢ়ক: চামেলীহঁতৰ সৈতে ফল-মূল আৰু ৰঙা চাহৰ সোৱাদ ল'লে প্ৰিয়ংকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.