ETV Bharat / state

পথ নাইঃ সাঙীত কঢ়িয়াই নিয়া হ'ল মৃতদেহ

author img

By

Published : Aug 4, 2020, 11:01 AM IST

এই ঘটনাই যেন প্ৰতিফলিত কৰিছে কেৱল বৰ বৰ নেতাসকলৰ ভাষণৰ মাজতেই সীমাবদ্ধ হৈ বিকশিত অসম খনৰ প্ৰকৃত দৃশ্য ৷

Deadbody carried in bambo stick at Barsala
পথ নাইঃ সাঙীত কঢ়িয়াই নিয়া হ'ল মৃতদেহ

তেজপুৰ,4 আগষ্ট: তেজপুৰৰ নিকটৱৰ্তী বৰছলা বিধানসভা সমষ্টিৰ এটা দৃশ্যই উদঙাইছে উন্নয়নশীল অসমৰ প্ৰকৃত ছবি ৷ পথৰ দুৰৱস্থাৰ বাবে পত্নীৰ মৃতদেহ বাঁহত সাঙি কৰি ঘৰলৈকে কঢ়িয়াই আনিবলগীয়া হয় মহন্ত উপাধিধাৰী এজন লোকে ৷ এই ঘটনাই যেন প্ৰতিফলিত কৰিছে কেৱল বৰ বৰ নেতাসকলৰ ভাষণৰ মাজতেই সীমাবদ্ধ হৈ বিকশিত অসম খনৰ প্ৰকৃত দৃশ্য ৷

বিকশিত অসম খনৰ প্ৰকৃত দৃশ্য
বিকশিত অসমৰ প্ৰকৃত দৃশ্য

উল্লেখ্য যে,শেহতীয়াকৈ বানে চিঙি পেলাইছে বৰছলা বিধানসভা সমষ্টিৰ তিনিখৰীয়া ঝাৱনি গাঁও সংযোগী পথচোৱাৰ 10 টাকৈ স্থান ৷ যাৰ বাবে বহিঃবিশ্বৰ সৈতে সংযোগ বিচিন্ন হৈ পৰিছে ঝাৱনি গাঁৱৰ ৰাইজৰ ৷ ইয়াৰ মাজতে সোমবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল মৃত্যু হয় ঝাৱনি গাঁৱৰ এগৰাকী মহিলাৰ ৷ মহিলা গৰাকীৰ মৃতদেহ এখন এম্বুলেন্সৰ সহায়ত বাসগৃহলৈ নিয়া হৈছিল যদিও পথৰ দুৰাৱস্থাৰ বাবে প্ৰায় তিনিকিলোমিটাৰ দূৰত্বৰ পৰা বাঁহত সাঙি কৰি ঘৰলৈকে কঢ়িয়াই নিব লগীয়া হয় মৃতদেহটো ৷ উল্লেখ্য যে,ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চলটোৰ উন্নয়নৰ বাবে বিগত 70 বছৰে কোনো জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷ স্থানীয় বিধায়ক গণেশ লিম্বুৰ চৰম উপেক্ষাৰ বাবেই উপায়ন্তৰ হৈ ৰাইজে মিলি পথ নিৰ্মাণ কৰিছে উক্ত ঠাইত ৷

লগতে পঢ়কঃ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি মৰিগাঁৱত সমূহীয়া দোৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.